নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰ: মিগ-২১ যুঁজাৰু বিমানসমূহ পৰ্যায়ক্ৰমে বন্ধ কৰিবলৈ ওলাইছে ভাৰতীয় বায়ুসেনাই। ৩০ ছেপ্টেম্বৰত শ্ৰীনগৰস্থিত ৫১ স্কোয়াড্ৰনক বিদায় দিয়া হ’ব। জানিব পৰা মতে, বায়ুসেনাৰ আধুনিকীকৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
বায়ুসেনাই ছোভিয়েট যুগৰ মিগ-২১ বিমানখন পৰ্যায়ক্ৰমে বন্ধ কৰি দিছে। ই এক অত্যাধুনিক আহিলা যদিও ‘উৰণীয়া কফিন’ হিচাপে ইয়াৰ যথেষ্ট বদনামো আছে। ফলস্বৰূপে ভাৰতীয় বায়ুসেনাই এই জেট বিমানক ধাপে ধাপে আঁতৰাই আধুনিকীকৰণৰ পথত খোজ দিছে।
ধাৰাবাহিকভাৱে সংঘটিত হোৱা দুৰ্ঘটনাৰ বাবে বায়ুসেনাই অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত ‘মিগ-২১ বাইছন’ (মিগ-২১) স্কোৱাড্ৰনৰ পৰা বিদায় জনাব বিচাৰিছে। লগতে ২০২৫ চনৰ ভিতৰত ছোভিয়েট যুগৰ এই সকলোবোৰ যুঁজাৰু বিমান পৰ্যায়ক্ৰমে বন্ধ কৰা হ’ব।
সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি শ্ৰীনগৰত নিয়োজিত ৫১ স্কোয়াড্ৰন মিগ-২১ বিমান ৩০ ছেপ্টেম্বৰৰ ভিতৰত প্ৰত্যাহাৰ কৰা হ’ব। সেইঠাই লাভ কৰিব থলুৱা প্ৰযুক্তিৰে নিৰ্মিত তেজছ যুদ্ধবিমানে।
উল্লেখ্য যে মিগ-২১ জেট বিমানসমূহ চাৰি দশক পূৰ্বে ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল, আৰু ইয়াৰে বহু বিমান দুৰ্ঘটনাত পতিত হৈছিল। কিন্তু ছোভিয়েট যুগৰ ৰাছিয়াত নিৰ্মীত যুঁজাৰু বিমান দুর্ঘটনা আৰু পাইলটৰ মৃত্যুৰ বাবে বছৰ বছৰ ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে৷