দুলীয়াজানৰ একালৰ সংবাদকৰ্মী হৰচৰণ সিঙৰ আকস্মিক বিয়োগঃ শোকৰ ছাঁ
নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ একালত দুলীয়াজান সংবাদ মাধ্যমৰ সৈতে জড়িত থাকি সক্ৰিয় সংবাদ সেৱা আগবঢ়োৱা হৰচৰণ সিঙৰ (৩৫) আজি সন্ধিয়া আকস্মিক বিয়োগত মৰ্মাহত হৈ পৰিছে দুলীয়াজানৰ সমূহ সংবাদকৰ্মী । জানিব পৰা মতে আজি পুৱাতে তেওঁৰ সামান্য গা-অসুখ হোৱাত অইল মেডিকেলৰ পৰ্যবেক্ষণৰ কোঠাত ৰাখি চিকিৎসকে ঔষধ-পাতি দি ঘৰলৈ যাবলৈ দিয়ে যদিও বিয়লি তেওঁ আকস্মিকভাৱে বিচনাৰ পৰা পৰি অচেতন হৈ পৰে। লগে লগে পৰিয়ালৰ লোকে অইল হাস্পতালত ভৰ্তি কৰোৱা পাছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। হৰচৰণ সিঙে কেইবাটাও বৈদ্যুতিন মাধ্যমত কাম কৰাৰ অভিজ্ঞতা বুটলিছিল। পৰৱৰ্তী সময়ত অইল ইণ্ডিয়াৰ চাকৰি লাভ কৰাত সক্ৰিয় সাংবাদিকতা ত্যাগ কৰি অইলৰ প্ৰডাকচন বিভাগত যোগদান কৰিছিল । মৃত্যুৰ সময়ত হৰচৰণ সিঙে পত্নী, পিতৃ-মাতৃসহ জ্যেষ্ঠ ভ্ৰাতৃ-বৌৱেক তথা বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি গুচি যায়। অসম আন্দোলনৰ শ্বহীদ কৰম সিঙৰ ভতিজাক দুলীয়াজানৰ হৰচৰণ সিঙৰ অকাল বিয়োগত আসাম প্ৰেছ ক’ৰেছপণ্ডেটচ ইউনিয়ন ডিব্ৰুগড় জিলা, দুলীয়াজান সন্মিলিত সাংবাদিক মঞ্চ, প্ৰেছ ক্লাবকে ধৰি স্থানীয় বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
প্ৰেৰক কৃষ্ণা গগৈ