সম্প্রতি বিশ্বজুৰি পর্যটন আৰু হোটেল উদ্যোগ দ্রুতগতিত বিকশিত হৈ আছে৷ পর্যটন আৰু হোটেল উদ্যোগক লৈ বিভিন্ন সংস্থাপনৰো সম্ভাৱনা নিত্যনতুন মুকলি হৈ আছে৷ এনে পৰিপ্রেক্ষিতত পর্যটন আৰু হোটেল উদ্যোগৰ বাবে হস্পিটেলিটী পাঠ্যক্রমৰ চাহিদা বৃদ্ধি পাইছে৷ এই হস্পিটেলিটী পাঠ্যক্রমৰ ভিতৰত পর্যটনৰ লগতে হোটেল মেনেজমেণ্ট অতিকৈ গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে৷ নতুন প্রজন্মৰ কেৰিয়াৰ গঢ়িবলৈ ইচ্ছুক শিক্ষার্থীসকলে এই হস্পিটেলিটী পাঠ্যক্রমৰ বাবে আগ্রহ দেখুৱাইছে৷ শিক্ষার্থীৰ আগ্রহ আৰু চাহিদাৰ প্রতি লক্ষ্য ৰাখিয়েই দেশৰ প্রান্তে প্রান্তে হস্পিটেলিটী পাঠ্যক্রম, বিশেষকৈ পর্যটন আৰু হোটেল উদ্যোগক লৈ প্রস্তুত কৰা হোটেল মেনেজমেণ্ট পাঠ্যক্রম শৈক্ষিক প্রতিষ্ঠানসমূহত অন্তর্ভুক্ত কৰাত প্রাধান্য দিছে৷ দেশৰ জিডিপি (মুঠ ঘৰুৱা উৎপাদন)ৰ ৭.৫ শতাংশ হস্পিটেলিটী খণ্ডৰ পৰাই সংগৃহীত হয়৷ এনে কাৰণতেই হোটেল উদ্যোগত সংস্থাপনৰ চাহিদা বৃদ্ধি পাইছে৷ সংস্থাপনৰ চাহিদা বৃদ্ধি পোৱাৰ বাবেই হস্পিটেলিটী পাঠ্যক্রমৰো গুৰুত্ব বাঢ়িছে৷ হস্পিটেলিটী পাঠ্যক্রম, বিশেষকৈ হোটেল মেনেজমেণ্ট পাঠ্যক্রম থকা দেশৰ ১০খন শীর্ষ শৈক্ষিক প্রতিষ্ঠানত শিক্ষার্থীসকলে নামভর্তি কৰাৰ পিছত পাঠ্যক্রম সমাপ্ত হ’লে সংস্থাপনৰ পূর্ণ সম্ভাৱনা থাকে৷ এই শীর্ষ ১০খন শৈক্ষিক প্রতিষ্ঠানৰ ভিতৰত ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট, কেটাৰিং এণ্ড নিউট্রিচন, পুচা, নতুন দিল্লী ৱেলকাম গ্রুপ গ্রেজুৱেট স্কুল অৱ হোটেল মেনেজমেণ্ট, মণিপাল ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট, কেটাৰিং টেকন’লজী এণ্ড এপ্লাইড নিউট্রিচন, চেন্নাই ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট, কেটাৰিং টেকন’লজী এণ্ড এপ্লাইড নিউট্রিচন, হায়দৰাবাদ ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট, কেটাৰিং টেকন’লজী এণ্ড এপ্লাইড নিউট্রিচন, মুম্বাই আর্মী ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকন’লজী, বাংগালুৰু বানাৰসী দাস চান্দীৱালা ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকন’লজী, নতুন দিল্লী ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট, কেটাৰিং টেকন’লজী এণ্ড এপ্লাইড নিউট্রিচন, ভূপাল ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট, কেটাৰিং টেকন’লজী এণ্ড এপ্লাইড নিউট্রিচন, গোৱালিয়ৰ এন এছ এইচ এম ন’লেজ কেম্পাছ, দুর্গাপুৰ ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট, বাংগালুৰু ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট, কেটাৰিং এণ্ড নিউট্রিচন, লক্ষ্ণৌ আৰু ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট, কেটাৰিং টেকন’লজী এণ্ড এপ্লাইড নিউট্রিচন, কলকাতা৷ দেশৰ শীর্ষ ১০ৰ তালিকাত থকা এই প্রতিষ্ঠানকেইখনৰ উপৰি বিভিন্ন প্রদেশত বিভিন্ন এনেধৰণৰ শৈক্ষিক প্রতিষ্ঠান আছে৷ বর্তমানৰ উজ্জীৱিত কেৰিয়াৰ গঢ়িবলৈ হোটেল মেনেজমেণ্টত অন্তর্ভুক্তিৰ বাবে শিক্ষার্থীসকল দ্বাদশ শ্রেণী উত্তীর্ণ হ’ব লাগিব৷ যিকোনো শাখাতেই দ্বাদশ শ্রেণী উত্তীর্ণ শিক্ষার্থীসকলে নূ্যনতম ৫০ শতাংশ নম্বৰ লাভ কৰাৰ লগতে ইংৰাজী বাধ্যতামূলক বিষয় হ’ব লাগিব৷ প্রতিষ্ঠানসমূহত নামভর্তিৰ বাবে শিক্ষার্থীসকলে নেচনেল কাউন্সিল ফৰ হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকন’লজী জেইই প্রৱেশ পৰীক্ষাত উত্তীর্ণ হ’ব লাগিব৷ প্রতিবছৰে এপ্রিল মাহত এই এনচিএইচএমচিটি জেইই প্রৱেশ পৰীক্ষা অনুষ্ঠিত হয়৷ প্রৱেশ পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত শিক্ষার্থীসকলৰ কাউন্সেলিং কৰাৰ অন্তত পাঠ্যক্রমত অন্তর্ভুক্তিৰ বাবে যোগ্যতা অর্জন কৰে৷ উল্লিখিত ১০খন শীর্ষ হোটেল মেনেজমেণ্টৰ শৈক্ষিক প্রতিষ্ঠানত থকা পাঠ্যক্রমসমূহ হৈছে– বিএছচি ইন হস্পিটেলিটী এণ্ড হোটেল এডমিনিষ্ট্রেচন পোষ্ট গ্রেজুৱেট ডিপ্ল’মা ইন ডায়েটেটিক্স এণ্ড হস্পিটেল ফুড ছার্ভিচ ডিপ্ল’মা ইন ফুড এণ্ড বিভাৰেজ ছার্ভিচ ডিপ্ল’মা ইন বেকাৰী এণ্ড কনফ্রেকচনাৰী ক্রাফ্টমেনশ্বিপ কোর্ছ ইন ফুড প্রডাকচন এণ্ড পেটিচেৰী এমএছচি ইন হস্পিটেলিটী এডমিনিষ্ট্রেচন বেচেলৰ অৱ হোটেল মেনেজমেণ্ট বিএ কালিনাৰী আর্টছ পিজি ডিপ্ল’মা ইন কালিনাৰী আর্টছ ডিপ্ল’মা ইন ফ্রণ্ট অফিচ অপাৰেচন পোষ্ট গ্রেজুৱেট ডিপ্ল’মা ইন এক’মডেচন, অপাৰেচন এণ্ড মেনেজমেণ্ট চার্টিফিকেট কোর্ছ ইন হোটেল এণ্ড কেটাৰিং মেনেজমেণ্ট ডিপ্ল’মা ইন ফুড প্রডাকচন বেচেলৰ ইন হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকন’লজী ডিপ্ল’মা ইন হাউছকিপিং আদি অন্যতম৷ গুৰুত্বপূর্ণ যে স্নাতক ডিগ্রী লাভ কৰাৰ পিছত শিক্ষার্থীসকলে স্নাতকোত্তৰ পাঠ্যক্রমত অন্তর্ভুক্তিৰ বাবে অতি কমেও ৪৫ শতাংশ নম্বৰ লাভ কৰিব লাগিব৷ আনপিনে, প্রতিষ্ঠানসমূহত থকা ডিপ্ল’মা আৰু চার্টিফিকেট কোর্ছসমূহ হ্রস্বকালীন৷ ছয় মাহৰ পৰা ১ বছৰলৈ হোটেল মেনেজমেণ্টৰ বিভিন্ন শাখাৰ ডিপ্ল’মা আৰু চার্টিফিকেট কোর্ছ আছে৷ দেশৰ লগতে বিদেশতো লোভনীয় কেৰিয়াৰ হিচাপে গঢ় লোৱা হোটেল মেনেজমেণ্ট পাঠ্যক্রম সফলতাৰে সম্পূর্ণ কৰাৰ পিছত এগৰাকী দক্ষ শিক্ষার্থীয়ে অভিজাত হোটেল তাজ গ্রুপৰ লগতে আইটিচি গ্রুপ, অৱেৰয় গ্রুপ অৱ হোটেলত নিযুক্তি পোৱাৰ পথ প্রশস্ত হৈ থাকে৷ মন কৰিবলগীয়া যে হস্পিটেলিটী পাঠ্যক্রমৰ আন এক পর্যটনৰ ক্ষেত্রতো অনেক পাঠ্যক্রম আছে৷