নিয়মীয়া বার্তা, ২৬ ছেপ্টেম্বৰ: হাজাৰ হাজাৰ কোটিৰ সম্পত্তিৰ মালিক ভগৱান৷ দেৱতাৰ সম্পত্তিৰ তথ্য প্রকাশ পোৱাৰ লগে লগে সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ বিশ্বৰ অন্যতম ধনী মন্দিৰ ভাৰতৰ তিৰুপতি মন্দিৰ৷ লাখ লাখ ভক্তৰ সমাগম হয় এই মন্দিৰত৷ অন্ধ্রপ্রদেশৰ এই মন্দিৰ পৰিচালনা সমিতি তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি)ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি, মন্দিৰৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮৫,৭০৫ কোটি টকা৷ সম্পত্তিৰ খতিয়ান তুলি ধৰি টিটিডিৰ অধ্যক্ষই এই তথ্য সদৰী কৰিছে৷ লক্ষণীয়ভাৱে মন্দিৰত দান হিচাপে ভক্তই আগবঢ়োৱা ধন–সোণৰ উপৰি মন্দিৰ কর্তৃপক্ষই বিক্রী কৰি পোৱা ধনো ইয়াৰ সৈতে যুক্ত হৈ আছে৷