নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত শাৰদীয় দুর্গোৎসৱত যান–বাহন চলাচলৰ নির্দেশনা

দিছপুৰ থানা এলেকা
✔ ডাঃ আৰ পি ৰোডৰ গণেশ মন্দিৰৰ পৰা গণেশগুৰি উৰণ সেতুলৈ ৱান ৱে’৷
✔ জু–ৰোডৰ দিশৰ পৰা গণেশ মন্দিৰ দিশলৈ ন’ এনট্ৰী৷
✔ শংকৰদেৱ পথৰ হলছেল মার্কেটৰ পৰা আৰ পি ৰোডলৈ ৱান ৱে’৷

বশিষ্ঠ থানা এলেকা
✔ জয়ানগৰ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ ন’ এনট্ৰী৷ কেৱল স্থানীয় লোকসকলেহে বাহন লৈ অহা–যোৱা কৰিব পাৰিব৷ বেলতলা তিনিআলিৰ পৰা জয়ানগৰ চাৰিআলিলৈ ৱান ৱে’৷
✔ বিষ্ণু ৰাভা পথৰ বেলতলা তিনিআলিৰ পৰা ভেটাপাৰা চাৰিআলিলৈ ৱান ৱে’৷
✔ ড০ বি এন শইকীয়া পথৰ বেলতলা তিনিআলিৰ বশিষ্ঠ চাৰিআলিলৈ ন’ এনট্ৰী৷
✔ এ জি অ’ফিচ বাইলেণ্ড হৈ ত্রিপুৰা গলিলৈ ৱান ৱে’৷ ত্রিপুৰা গলিৰ পৰা সৌৰভ নগৰৰ দিশে কোনোধৰণৰ যান–বাহন চলাচল কৰিব নোৱাৰিব৷
✔ ত্রিপুৰা গলিৰ এটা দিশেৰেহে বাহন পার্কিং কৰিব পাৰিব৷
✔ বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ ন’ এনট্ৰী৷ কেৱল স্থানীয় লোকৰ বাহনহে চলাচল কৰিব পাৰিব৷

ভৰলুমুখ থানা এলেকা
✔ ফটাশিল চাৰিআলিৰ পৰা ৰে’লৱে গেট নং ৬, ৭, আৰু ৮ কুমাৰপাৰা পাঁচআলিলৈ ন’ এনট্ৰী৷
✔ ছাবিপুলৰ দিশৰ পৰা বিষ্ণুপুৰ আৰু ফটাশিল চাৰিআলিলৈ ন’ এনট্ৰী৷
✔ আৰ কে চৌধুৰী আৰু কে আৰ চি ৰোড ন’ এনট্ৰী৷
✔ এ টি ৰোডৰ আঠগাঁও ফ্লাই’ভাৰৰ পৰা উৰণ সেতু আৰু দীনেশ গোস্বামী পথ ন’ পার্কিং৷
✔ ফটাশিল চাৰিআলিৰ পৰা ছাবিপুললৈ ৱান ৱে’৷
✔ ছুইচ গেটৰ পৰা প্রাগ্জ্যোতিষ কলেজলৈ ন’ এনট্ৰী৷
✔ বিষ্ণুপুৰৰ পৰা চাইকেল ফেক্টৰীলৈ ন’ এনট্ৰী৷
✔ হাৰিয়ানা ভৱনৰ পৰা কুমাৰপাৰা পাঁচআলিলৈ ন’ এনট্ৰী৷

জালুকবাৰী থানা এলেকা
✔ মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডুলৈ ন’ এনট্ৰী৷
✔ পিএনজিবি ৰোডৰ, ৰে’লৱে ক্রছিঙৰ পৰা গোশালা ন’ এনট্ৰী৷
✔ কামাখ্যা ৰে’লৱে ষ্টেচন আৰু গোটানগৰ অঞ্চললৈ বাহনসমূহ মালিগাঁও ৩নং গেটেৰে চলাচল কৰিব পাৰিব৷
✔ কামাখ্যা টেম্পল ঘাট ৰোডৰ পৰা পাণ্ডু কেবিনলৈ ন’ এনট্ৰী৷

পাণবজাৰ থানা এলেকা
✔ এমএছ ৰোডৰ শনি মন্দিৰৰ পৰা গেট নং ৪ লৈ ন’ এনট্ৰী৷
✔ এমজি ৰোডৰ খুবছান পইণ্টৰ পৰা ড০ জেচি দাস ৰোডৰ ফুল গলিলৈ ন’ এনট্ৰী৷
চানমাৰি–গীতানগৰ থানা এলেকা
✔ অনুৰাধা পইণ্টৰ পৰা হাতীগড় চাৰিআলিলৈ ন’ এনট্ৰী৷
✔ বাহনসমূহ হাতীগড় চাৰিআলিলৈ চলাচল কৰিব পাৰিব৷
নুনমাটি থানা এলেকা
✔ বন্দনা পইণ্টৰ পৰা ৰিফাইনেৰী গেট এছবিআই গলি হৈ ন’ এনট্ৰী৷

চিটীবাছ চলাচলৰ নির্দেশনা
✔ বশিষ্ঠ মন্দিৰৰ পৰা গড় পাণ্ডু বাছষ্টেণ্ডলৈ জু–ৰোড হৈ চলাচল কৰা চিটীবাছসমূহ বশিষ্ঠ চাৰিআলি, ত্রিপুৰা গলি, জয়ানগৰ, ছয়মাইল, এক্সপ্রেছ হাইৱে’, নাৰেংগী, নুনমাটি দিশেৰে চলাচল কৰিব পাৰিব৷
✔ বশিষ্ঠ মন্দিৰৰ পৰা ধাৰাপুৰলৈ পল্টনবজাৰ, এটি ৰোড হৈ চলাচল কৰা বাছসমূহ বশিষ্ঠ চাৰিআলি, ত্রিপুৰা গলি, জয়ানগৰ, ছয়মাইল হৈ জিএছ ৰোডেৰে চলাচল কৰিব পাৰিব৷
✔ গড়পাণ্ডু বাছষ্টেণ্ডৰ পৰা লালগণেশলৈ চলাচল কৰা বাছসমূহ মালিগাঁও, গুৱাহাটী ক্লাব, চানমাৰি উৰণ সেতু, পাথৰকোঁৱেৰী, এক্সপ্রেছ হাইৱে’, ছয়মাইল, জিএছ ৰোড, ছুপাৰ মার্কেট, লাষ্ট গেট, গণেশ মন্দিৰ, কাহিলীপাৰা হৈ লালগণেশলৈ চলাচল কৰিব পাৰিব৷
✔ নটবমাৰ পৰা আমিনগাঁৱলৈ চলাচল কৰা বাছসমূহ এনএইচ–২৭ ত্রিপুৰা গলি এক্সপ্রেছ হাইৱে’ নাৰেংগী, নুনমাটি, চানমাৰি হৈ চলাচল কৰিব লাগিব৷
✔ পাঞ্জাবাৰীৰ পৰা ধাৰাপুৰলৈ চলাচল কৰা বাছসমূহ এক্সপ্রেছ হাইৱে’ নুনমাটি, চানমাৰি, এমজি ৰোডেৰে যাব পাৰিব৷ ধাৰাপুৰৰ পৰা অহা বাছসমূহ মালিগাঁও, চানমাৰি, জু–ৰোড, গণেশগুৰি উৰণ সেতু, ছয়মাইল উৰণ সেতুৰে চলাচল কৰিব পাৰিব৷

যান–বাহন চলাচলত নিষেধাজ্ঞা
✔ চামাৰিৰ পৰা জালুকবাৰীৰ দিশেৰে বিজয়া দশমীৰ দিনা কোনোধৰণৰ যান–বাহন এমচি ৰোডেৰে চলাচল কৰিব নোৱাৰিব৷ ইয়াৰ পৰিৱর্তে জিএনবি পথ টিচী পইণ্টেৰে পাণবজাৰ উৰণ সেতু হৈ এটি ৰোডৰ দিশেৰে যাব পাৰিব৷
✔ দেৱী কঢ়িওৱা বাহনসমূহ জিলা পুথিভঁৰাল হৈ জিএনবি ৰোডৰ পৰা কেএলবি ৰোডেৰে চলাচল কৰিব পাৰিব৷
✔ জালুকবাৰী, ভৰলুমুখ দিশৰ পৰা চানমাৰি–দিছপুৰ দিশেৰে অহা বাহনসমূহ এপ’ল’ পইণ্ট হৈ টিআৰবি ৰোড, এইচবি ৰোড আৰু এটি ৰোডৰ দিশেৰে চলাচল কৰিব পাৰিব৷
✔ উজানবজাৰ, খাৰঘুলি, নুনমাটিৰ দিশৰ পৰা অহা বাহনসমূহ তৈয়বুল্লা ৰোড আৰু জিএনবি ৰোডেৰে চলাচল কৰিব পাৰিব৷
✔ টিআৰপি আৰু এইচবি ৰোড ৱান ৱে’ এপ’ল’ পইণ্টলৈকে৷

দেৱী প্রতিমা কঢ়িওৱা বাহনৰ পথ নির্দেশনা
✔ চানমাৰিৰ দিশৰ পৰা দেৱী প্রতিমা কঢ়িওৱা বাহনসমূহ টিচী পইণ্ট হৈ এমচি ৰোড, এফচি ৰোড আৰু এমজি ৰোডেৰে চলাচল কৰিব৷
✔ টকৌবাৰী, পল্টনবজাৰ, উলুবাৰী, ৰিহাবাৰী, বিৰুবাৰী, ছাত্রীবাৰী, বিষ্ণুপুৰ আৰু লালগণেশৰ দিশৰ পৰা অহা বাহনসমূহ বি কে কাকতি ৰোড, উলুবাৰী, জিএছ ৰোড, পল্টনবজাৰ, পাণবজাৰ উৰণ সেতু, এমএলএন ৰোড আৰু এমজি ৰোড অথবা একে আজাদ ৰোড, নেপালী মন্দিৰ, পাণবজাৰ উৰণ সেতু, এমএল নেহৰু ৰোড আৰু এমজি ৰোডেৰে চলাচল কৰিব পাৰিব৷
✔ কুমাৰপাৰা, আঠগাঁও, ফটাশিলৰ দিশৰ পৰা অহা বাহনসমূহ এটি ৰোড, টিআৰপি ৰোড, কেডাৰ ৰোড আৰু এমজি ৰোডেৰে কাছমাৰী ঘাটলৈ যাব পাৰিব৷
✔ ৰাজগড়, ভঙাগড়, খ্রীষ্টানবস্তিৰ দিশৰ পৰা অহা বাহনসমূহ জিএছ ৰোড, ভঙাগড়, ৰাজগড় ৰোড, আৰজি বৰুৱা ৰোড, গুৱাহাটী ক্লাব, টিচী পইণ্ট, এমচি পইণ্ট, এফচি ৰোড আৰু এমজি ৰোডেৰে চলাচল কৰিব পাৰিব৷
✔ গণেশগুৰি, দিছপুৰ, কাহিলীপাৰাৰ দিশৰ পৰা অহা বাহনসমূহ গণেশগুৰি হৈ আৰজি বৰুৱা ৰোড, জিএমবি ৰোড, গুৱাহাটী ক্লাব, টিচী পইণ্ট, এমচি ৰোড, এফচি ৰোড আৰু এমজি ৰোডেৰে যাব পাৰিব৷
✔ বি বৰুৱা ৰোডেৰে উলুবাৰীৰ পৰা টিচী পইণ্ট হৈ কোনোধৰণৰ দেৱী প্রতিমা কঢ়িওৱা বাহন চলাচল কৰিব নোৱাৰিব৷
✔ ভৰলুমুখ আৰু ফটাশিলৰ দিশৰ পৰা অহা বাহনসমূহ এটি ৰোড আৰু ডিজি ৰোডেৰে চলাচল কৰিব পাৰিব৷

পাণ্ডু প’টত পথ নির্দেশনা
✔ দেৱী প্রতিমা কঢ়িওৱা বাহনসমূহ মালিগাঁও চাৰিআলি হৈ পাণ্ডুলৈ চলাচল কৰিব নোৱাৰিব৷
✔ দেৱী প্রতিমা কঢ়িওৱা বাহনসমূহ আদাবাৰী তিনিআলি হৈ পাণ্ডুঘাটলৈ চলাচল কৰিব পাৰিব৷
✔ দেৱী বিসর্জনৰ পিছত বাহনসমূহ পাণ্ডুঘাটৰ পৰা সদিলাপুৰ ৬নং কলনী হৈ জালুকবাৰীৰ দিশেৰে যাব পাৰিব৷

You might also like