নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙৰ অভিশপ্ত ধূলা থানা: আকৌ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন

২ মাহত দৰঙত ৫ জন আৰক্ষী বিষয়াৰ নিলম্বন

নিয়মীয়া বাৰ্তা, ১অক্টোবৰ: মাত্ৰ ২ মাহৰ ভিতৰত দৰঙত ৫ জনকৈ আৰক্ষী বিষয়াৰ নিলম্বনৰ অভিকেন্দ্ৰ হৈ পৰা ধূলা থানাৰ বৰ্তমানৰ কৰ্মৰত ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰায়ক আজি নিলম্বন কৰা হৈছে। সংখ্যালঘু অধ্যুষিত এলেকাৰ থানা হিচাবে চিহ্ণিত ধূলা এতিয়া এক প্ৰকাৰে অভিশপ্ত থানা লৈ পৰ্যবষিত হোৱাৰ বিষয়ে চৰ্চিত হৈছে।

লক্ষনীয় যে, এগৰাকী আদিবাসী কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ থানা খনৰ এগৰাকী সহকাৰী উপ-পৰিদৰ্শক, ভাৰপ্ৰাপ্ত বিষয়া সহ দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু দৰঙৰ আৰক্ষী অধীক্ষকক নিলম্বিত কৰা হৈছিল। ৰাজ্যৰ গৃহবিভাগৰ উক্ত চাঞ্চল্যকৰ পদক্ষেপ ৰাইজে পাহৰাৰ পূৰ্বেই আকৌ আজি ভাৰপ্ৰাপ্ত যুৱ বিষয়া তথা কৰ্মতৎপৰ নিতাই ৰায়ক নিলম্বন কৰা হয়। নিতাই ৰয়ক আজিৰ নিলম্বনৰ আৰত কৰ্ম সম্পাদনৰ সময়তে মদ্যপান কৰি থানাত দু-ব্যৱহাৰৰ অভিযোগ অনা হৈছে। স্বাভাৱিকতে দৰঙত আৰক্ষী বিষয়াৰ এনেদৰে ধাৰাবাহিক নিলম্বনৰ পাছত থানাই থানাই এতিয়া প্ৰতিক্ৰিয়াৰ লগতে হাহাকাৰৰ সৃষ্টি কৰিছে। এইদৰে চলাই অহা নিলম্বনৰ আৰত এক ৰাজনৈতিক দলৰ ষড়যন্ত্ৰৰ বিষয়ে চৰ্চা চলিছে।

ইপিনে, ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বনৰ ক্ষেত্ৰত আৰক্ষীৰ নিয়ম ভঙ্গ কৰাৰ অভিযোগ দিয়া হৈছে। কৰ্তব্যৰত অৱস্থাতে অত্যাধিক মদ্যপান কৰাৰো অভিযোগ দিয়া হৈছে। স্বাভাৱিকতে, দিনৌ ১০/১৫ খন এজাহাৰ পঞ্জীয়ন, আদালতত কেচ ডায়েৰী দাখিল আৰু প্ৰয়োজনীয় আৰক্ষীৰ অভাৱত ভূগি থকাৰ পাছত হতাশাত এনে পথ লৈছিল নেকি, সেয়াও চিন্তনীয় হৈ পৰিছে।

You might also like