ধৰ্ম নিজৰ নিজৰ, কিন্তু উৎসৱ সকলোৰেঃ কৰিমগঞ্জত ক’লে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই
নিয়মীয়া বাৰ্তা, ১অক্টোবৰ: ধৰ্ম নিজৰ নিজৰ, কিন্তু উৎসৱ সকলোৰে। তেনেকৈ ৰাজনীতি নিজৰ নিজৰ, কিন্তু মুখ্যমন্ত্ৰী সকলোৰে। শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে সীমান্তৱৰ্তী কৰিমগঞ্জত অনুষ্ঠিত পূজাত অংশ গ্রহণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
আজি মুখ্যমন্ত্ৰীয়ে শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হয়। পিছত বিমানবন্দৰৰ পৰা হেলিকপ্টাৰে কৰিমগঞ্জত অৱতৰণ কৰে । তাৰ পৰাই তেওঁ প্ৰথমে কৰিমগঞ্জত পৰম্পৰাগত টাউন কালী বাড়ীত মাতৃ দৰ্শন কৰে আৰু ৰামকৃষ্ণ মিছন, মদনমোহন সহ বিভিন্ন পেণ্ডেল পৰিদৰ্শন কৰে।
ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে পাথৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালৰ বাসগৃহত সুদীৰ্ঘ দিনধৰি তেখেতৰ পৰিয়ালে আয়োজন কৰি অহা পূজা মণ্ডপত উপস্থিত হৈ ৰাইজৰ কুশল-মংগল কামনা কৰি সেৱা জনায়।