দেৱশিশু তিনিমহীয়া ক্লেৰিঙৰ শোক নৌভাঙোতেই বর্ষাপাৰাৰ ষ্টেডিয়ামত সাপ ওলাল৷ ৰাজ্যখনৰ কি এক বদনাম শোক কাটি কৰি কর্তৃপক্ষক এজাউৰি দিয়াত লাগি পৰিবলগীয়া হ’ল৷ মই ফেচবুকৰ সচৰাচৰ কিন্তু বিশেষ পৰিঘটনা এটা ব্যাখ্যাৰ চেষ্টা কৰিছোঁ৷
এটা বিষয়ত স্থিৰ হৈ থাকিব নোৱাৰা, এটাৰ পৰা আনটোলৈ জঁপিওৱা, এহটো শিশুমতীয়া চৰিত্র৷ কিন্তু আমি শিশু নহয়৷ ইয়াৰ ব্যাখ্যা কি? এয়া কি একমাত্র আমাৰ অসমীয়া ‘ফেচবুক সমাজ’ৰ বৈশিষ্ট্য? নহয়৷ এয়া মানুহৰ বিৱর্তনৰ সময়ৰ প্রয়োজনীয়, আজি যদিও অলাগতিয়াল, এক চাৰিত্রিক বৈশিষ্ট্যৰ আধুনিক সময়ত হোৱা উৎকট প্রকাশ৷ আমাৰ বহু মানসিক কার্যকলাপ বা প্রৱণতা বিৱর্তনৰ অৱশেষ৷ আজি এহবোৰৰ প্রয়োজন নাই, বৰং বিপজ্জনক, ক্ষতিকৰ আৰু বর্জনীয়৷ ‘এপেণ্ডিক্স’টোৰ দৰে এটা অৱশেষ৷ সংস্কৃত লোকে, আধুনিক লোকে এইসমূহ প্রৱণতা সচেতনতাৰে পৰিহাৰ কৰে৷ ফেচবুকৰ দৰে সামাজিক মাধ্যমসমূহে এহ বৈশিষ্ট্য বা প্রৱণতাসমূহক প্রকট কৰি তোলাত উমি উমি জ্বলি থকা জুহত বতাহৰ কাম কৰিছে৷ আজি সামাজিক মাধ্যমত আমি প্রায় প্রতিজন এই অলাগ মানসিক প্রৱণতা আৰু আধুনিক ভাবধাৰাৰ টনা–আঁজোৰাৰ বলি৷
বহুদিন ধৰি মহ ফেচবুকত লিখি আৰু আনৰ পোষ্টতো মন্তব্য কৰি আহিছোঁ৷ মই নিজে এহ টনা–আঁজোৰাৰ বলি হৈ আহিছোঁ৷ মন্তব্যৰ ৰূপত মোৰ অৱচেতন মনৰ প্রকাশ ঘটিছে৷ কিন্তু আধুনিক যুগৰ যোগাত্মক প্রভাৱো মোৰ ওপৰত আছে৷ কিছু আত্ম–সচেতনতা আছে৷ সমালোচনাত্মক আত্ম–বিশ্লেষণ আৰু বিচাৰ–বিবেচনাপূর্ব স্বপ্রতিফলন মাজে–সময়ে সচেতনভাৱে চোৱাৰ আমাৰ প্রতিজনৰে প্রয়োজন আছে৷
দেৱশিশু ক্লেৰিঙৰ বিয়োগৰ বিষাদ আঁতৰাই একেকোবে বর্ষাপাৰাৰ এডাল সাপৰ আৱির্ভাৱলৈ একেজন বা একেকেহজন মানুহৰ মন–মগজু কেনেকৈ ব্যতিব্যস্ত হৈ উঠিব পাৰে? এই ধৰণৰ পৰিঘটনাৰ ব্যাখ্যা বিক্ষিপ্ত মন্তব্যৰ ৰূপত কেহবাটাও সদ্যসংঘটিত ঘটনাৰ আলম লৈ কৰি আহিছিলোঁ৷ আমাৰ স্বপ্রতিফলন বহু সময়ত সুন্দৰ নহয়৷ আমাক অসহজ কৰি তোলে৷ মোৰ মন্তব্যসমূহ কিছুৰ একপক্ষীয় যেন লাগিছে, কিছুৰ অপ্রিয়ভাজন, আনকি গালি–শপনিৰ পাত্র কৰি তুলিছে৷ দৰাচলতে ফেচবুকৰ এই পৰিঘটনাৰ মনোবৈজ্ঞানিক ব্যাখ্যা আছে৷ মই নিজৰ খু–দুৱনি মাৰিবলৈ বিচাৰ–খোঁচাৰ কৰাত আকর্ষণীয় তত্ত্ব আৰু পর্যবেক্ষণ কেতবোৰৰ বিষয়ে অৱগত হ’লোঁ৷
আমি ফেচবুকত অতি ক্ষণস্থায়ী, কিন্তু অতিমাত্রা ক্ষোভৰ সামাজিক প্রকাশ দেখোঁ৷ ক্ষোভ হৈছে খঙৰ প্রকাশ৷ খং এটা ঋণাত্মক অনুভূতি, কিন্তু হয়াৰ বহিঃপ্রকাশ হ’লে শান্তি অনুভৱ হয়৷ খঙৰ উৎস সাধাৰণতে মানুহৰ ব্যক্তিগত অভিজ্ঞতা৷ সামাজিক গোট একোটাত কোনো সদস্যই গোটটোৱে অনুমোদন নকৰা কার্য কৰিলেও সামূহিক খং–ক্ষোভৰ পাত্র হৈ পৰে৷ ৰাজনৈতিক বিপক্ষ বা প্রতিদ্বন্দ্বী ফৈদৰ বিৰুদ্ধে সময়–সুবিধা বা অজুহাত পালে খং–ক্ষোভ জাহিৰ কৰাটোও এটা কৌশল, যিটো সহজে ব্যাখ্যা কৰিব পাৰি৷ কিন্তু ফেচবুকৰ এহ বিশেষ ক্ষোভবোৰ ব্যক্তিগত অভিজ্ঞতাপ্রসূত নহয় নাহবা পক্ষ–প্রতিপক্ষৰ বিবাদ নহয়৷ এহ ক্ষোভবোৰ সম্পূর্ণ অব্যক্তিগত, লক্ষ্য অচিনাকি কোনোবা এজন৷
মাজুলীৰ ফেৰী দুর্ঘটনা৷ মৃতকৰ দুখত দুখ প্রকাশৰ আলমত এহ ক্ষোভ জাগি উঠিল মাজুলীত দলং কিয় হোৱা নাহ– এহবুলি কর্তৃপক্ষ বা শাসনাধিষ্ঠিত দলৰ সদস্যৰ প্রতি৷ মাজুলীত দলং কিয় হোৱা নাহ বা আন বহুতো হ’বলগীয়া উন্নয়নমূলক কাম কিয় হোৱা নাই, সেহটো সংশ্লিষ্টসকলৰ কাৰণে খং–ক্ষোভৰ কাৰণ নিশ্চয় হ’ব পাৰে৷ কিন্তু ফেৰী দুর্ঘটনা এটা জল পৰিবহণ দুর্ঘটনা৷ দলং থাকিলেও ব্রহ্মপুত্রত জল পৰিবহণ থাকিব৷ স্থল, জল আৰু বিমান পৰিবহণ আটাহকেহটা ব্যৱস্থাহ নিৰাপদ হ’ব লাগে৷ দুর্ঘটনা হ’লে কাৰণ কি অনুসন্ধানৰ দ্বাৰা নিৰূপণ কৰি ভৱিষ্যতৰ কাৰণে নিৰাময় কৰিব লাগে৷ কিন্তু সমগ্র খং–ক্ষোভ দলং থকা–নথকাৰ ওপৰত কেন্দ্রীভূত হৈ পৰিল৷ মৃতকৰ কাহিনীReality TVৰ দৰে ক্ষণিকৰ আৱেগ হৈ পৰিল৷ খং–ক্ষোভ দীঘলীয়া হৈছিল আন এটা বিষয়ে দৃষ্টি আকর্ষণ নকৰা পর্যন্ত৷
এগৰাকী ছোৱালী পৰীক্ষার্থীয়ে হাফ পেণ্ট পিন্ধি পৰীক্ষা দিবলৈ গৈছিল৷ পৰীক্ষা পৰিদর্শকে ছোৱালীগৰাকীক পৰীক্ষাত বহিব নিদিয়ে৷ অৱশেষত শৰীৰত এখন পর্দাৰে ঢ়াকিহে পৰীক্ষা দিব দিলে৷ ছোৱালীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্রতিবাদ সাব্যস্ত কৰিলে৷ কিন্তু নিজেহে গণ্য–মান্য লোকৰ খং–ক্ষোভৰ লক্ষ্য হৈ পৰিল৷ কাৰণ মহিলাই সাজ–পোছাক সমাজ–পৰম্পৰা মতে নকৰে আৰু এই ছোৱালীগৰাকী তাৰ বাবে দায়বদ্ধ বা ছোৱালীজনীয়ে এই প্রৱণতাক প্রতিনিধিত্ব কৰিছে৷ অথচ পৰিদর্শকগৰাকীৰ নাৰীগৰাকীৰ শৰীৰ পর্দাৰে মেৰিয়াই লৈ পৰীক্ষা দিবলৈ বাধ্য কৰোৱা কার্যটো যে অগ্রহণযোগ্য আৰু মধ্যযুগীয় সেহটো ঘুণাক্ষৰেও চর্চিত নহ’ল৷
গৰমৰ অত্যন্ত প্রকোপ পৰা মাহ এটাত বিজুলী বিল কোনো কোনোৰ দুগুণ বা তিনিগুণ পর্যন্ত আহিল৷ লগে লগে সামাজিক মাধ্যমত চৰকাৰে বিজুলীৰ দাম সংগোপনে বৃদ্ধি কৰা বুলি চৰকাৰ ক্ষোভৰ লক্ষ্য হৈ পৰিল৷ বিজুলী বিল নবঢ়াসকলো সহমর্মিতা প্রদর্শনৰ দৌৰত খর্গহস্ত হৈ পৰিল৷ চৰকাৰে স্পষ্টীকৰণ দিলে, দাম বৃদ্ধি কৰা হোৱা নাই৷ তেনেহ’লে বর্ধিত বিজুলী বিলৰ কাৰণ হয় অত্যধিক বিজুলীৰ ব্যৱহাৰ, নহয় মিটাৰৰ বিজুতি৷ কিন্তু খং–ক্ষোভৰ লক্ষ্য হৈ থাকিল শক্তিমন্ত্রীগৰাকী৷ চুহ কিলাবলৈহে বাকী৷ অথচ বিকেন্দ্রীভূত ব্যৱস্থাত এহ বিজুলী বিতৰণ কোম্পানীটোৰ কাম–কাজৰ বাবে উত্তৰদায়ী কোম্পানীটোৰ দায়িত্বশীল বিষয়াহে৷ সেই সময়ত এজন যুৱকে চৰকাৰী নিযুক্তিত ধনৰ লেনা–দেনা হোৱা বুলি অভিযোগ কৰাত আমাৰ সামাজিক ক্ষোভৰ সামান্য শাম কাটিছিলহে মাথোঁ৷ পুলিচে যুৱকজনৰ অভিযোগ অনুসন্ধান কৰাৰ পাছত অপ্রযোজ্য ধাৰা লগাহ গ্রেপ্তাৰ কৰা এটা গর্হিত কার্য৷ সামাজিক সংবাদ মাধ্যমে যুৱকজনৰ অভিযোগ শিলৰ ৰেখা বুলি প্রতিষ্ঠা কৰাৰ প্রচেষ্টা সমানেই গর্হিত৷ কিন্তু ফেচবুকৰ ক্ষোভৰ লক্ষ্য আছিল পুলিচ আৰু চৰকাৰ৷ ক্ষোভ উদ্গিৰণকাৰী ৰাহজৰ বাবে যুৱকজন ইতিমধ্যে ৰূপকথাৰ নায়ক হৈ পৰিছিল৷ যুৱকজনৰ পক্ষত থিয় দিয়াটো একমাত্র ‘নৈতিকতা প্রদর্শন’ নহয়, এক যেন কর্তব্য হৈ পৰিছিল৷
দুবছৰ পূর্বে এটি তিনিমহীয়া শিশুৰ মৃত্যু হৈছিল৷ পিতৃ–মাতৃয়ে তাইৰ নাম ৰাখিছিল ক্লেৰিং৷ দুবছৰ ধৰি সংবাদ মাধ্যম তাহৰ বিষয়ে অৱগত নাছিল৷ দুবছৰ পাছত ফেচবুকত বাতৰিটো প্রকাশ হোৱাত খং–ক্ষোভৰ লক্ষ্য হৈছিল এগৰাকী পৰিচালিকা–ভিনেত্রী৷ ক্লেৰিঙক এঘণ্টাৰ বাবে এহগৰাকী পৰিচালিত আৰু অভিনীত এখন চিনেমাৰ শ্বুটিঙত ব্যৱহাৰ কৰা হৈছিল৷ শ্বুটিঙৰ পাঁচ দিনৰ দিনা ক্লেৰিঙৰ মৃত্যু হৈছিল৷ ফেচবুকত দোষী ঘোষিত হোৱাৰ দৰে পৰিচালিকাগৰাকীৰ অৱহেলা নিশ্চয় ক্লেৰিঙৰ মৃত্যুৰ দূৰ কাৰণ হয়তো হ’ব পাৰে৷ সমানেই সম্ভাৱনা যে ক্লেৰিঙৰ মৃত্যু এঘণ্টাৰ শ্বুটিঙৰ সৈতে সম্পর্ক নথকা আন এটা কাৰণ৷ এহ কাৰণ নিৰূপণৰ প্রাসংগিকতা আলোচিত নহ’ল৷ এহধৰণৰ এটা বিশেষ ঘটনা সংঘটিত হোৱা সময়ত কিয় নোলাল তাৰ কাৰণ ধৰি লোৱা হ’ল যে পৰিচালিকা ইমান প্রভাৱশালী যে সংবাদ মাধ্যমৰ মুখ বন্ধ কৰি থৈছিল৷ সন্তানহাৰা পিতৃ–মাতৃৰ ক্ষোভ বন্ধ কৰি ৰাখিছিল? ধনেৰে? ফেচবুক তেনে এক অস্বাভাৱিক সিদ্ধান্তত উপনীত হৈ খং–ক্ষোভ ক্লেৰিঙৰ পিতৃৰ প্রতি নিক্ষেপ কৰিছিল৷ কাৰণ পিতৃয়ে দুবছৰ পাছত লোৱা এটাও সাক্ষাৎকাৰত শ্বুটিং আৰু ক্লেৰিঙৰ মৃত্যুৰ মাজত সম্পর্ক স্থাপন কৰা নাছিল৷ সেয়ে তেওঁ ফেচবুকত ৰোষৰ পাত্র হৈছিল৷ তেওঁ ধন লৈ মুখ বন্ধ কৰি ৰখা বুলি দোষী সাব্যস্ত হৈছিল৷ ক্লেৰিঙৰ কাহিনী সাধাৰণ কাহিনী নহয়৷ চিনেমাত কেঁচুৱাক ব্যৱহাৰৰ পৰা নিৰাপত্তামূলক দিশসমূহৰ পর্যালোচনা, ভিতৰুৱা ঠাই এখনত শিশুৰ মৃত্যুৰ হাৰ আৰু চিকিৎসাৰ সা–সুবিধা, ক্লেৰিঙৰ পিতৃয়ে সাক্ষাৎকাৰত সহজ–সৰলভাৱে ভূতে ধৰাৰ সম্ভাৱনাৰ জৰিয়তে প্রতিফলিত অন্ধবিশ্বাস আদি এশ এবুৰি বিষয় আলোচিত হ’ব পাৰিলেহেঁতেন৷ আনকি বিষয়টো দুবছৰ পাছত পোহৰলৈ অনা মানুহজনৰ অভিসন্ধিমূলক উদ্দেশ্য জনাজাত হোৱাৰ পাছত ৰাজনৈতিক উদ্দেশ্যত মানুহ কিমান অৱনমিত হৈছে, সেহটোও আলোচিত হ’ব পাৰিলেহেঁতেন৷ পিতৃ–মাতৃতকৈও অধিক শোক কাতৰতা অথবা খং–ক্ষোভৰ প্রকাশ মোৰ দৰে অসম্পর্কীয় এজনৰ কেনেকৈ অধিক হৈ পৰে?
শেহতীয়াকৈ আকৌ মাজুলী কেন্দ্রবিন্দু হৈছে৷ সর্পকাণ্ডক লৈ ক্ষোভ জামৰিছিলহে মাথোঁ৷ এগৰাকী কিশোৰী শিল্পী আকস্মিকভাৱে মঞ্চত অসুস্থ হৈ পৰিল৷ চিকিৎসালয়লৈ নিয়াৰ কিছু সময় পাছতে তেজস্বিতাৰ মৃত্যু হ’ল৷ পিতৃ–মাতৃৰ শোকৰ গভীৰতা কিমান হ’ব পাৰে আমি কল্পনাও কৰিব নোৱাৰোঁ৷ পিতৃক এটা সংবাদ মাধ্যমে ততালিকে পণ্য কৰি ল’লে৷ শোকাভিভূত লোকজনৰ প্রতিক্রিয়া দর্শকক দেখুৱাহReality TVত সচৰাচৰ দেখা ভাবাৱেগ উদ্রেককাৰী, যিবোৰ সাধাৰণতে দর্শকৰ বাবে ধনাত্মক হয়, তাতোকৈও অধিক শক্তিশালী কেঁচা শোকানুভূতি দর্শকক দেখুৱাহ বেপাৰ কৰিলে৷ চেনেলটোৰ ষ্টাৰ এংকৰজনে নেপথ্য সংগীতসহSoap Opera এখনো কৰি পেলালে৷ মৃত্যুৰ কাৰণ থিৰ নৌহওঁতেহ৷ এটা পহচাও প্রযোজনাৰ বাবে খৰচ নোহোৱাকৈ৷ অৱশ্যে সংবাদ মাধ্যমত পিতৃৰ কেঁচা আঘাত দেখাৰ আগতেই ফেচবুক গৰজি উঠিছিল৷ মৃত্যুৰ কাৰণ ঠাৱৰ কৰিছিল, মাজুলীত চিকিৎসাৰ অনগ্রসৰতা৷ অক্সিজেনৰ অভাৱত মৃত্যু হৈছিল বুলি নিশ্চিত হৈছিল৷ ক্লেৰিঙৰ বিয়োগত মর্মাহত হোৱাৰ দৰে অবিকল প্রতিক্রিয়া৷ কেৱল এইবাৰ ক্ষোভৰ লক্ষ্য পোনতে ব্যক্তিবিশেষ নাছিল৷ বৰং চিকিৎসা প্রণালী আৰু চৰকাৰী অক্ষমতা৷ কিন্তু চিকিৎসক–নার্ছো জালত পৰিছিল৷ কাৰণ ভুল চিকিৎসা হোৱা বুলি শোকাভিভূত পিতৃৰ মুখেৰে ওলাহ পৰিছিল৷
এহ জাতীয় পৰিঘটনাৰ ব্যাখ্যা আছে৷ মহ কাৰণ ‘নৈতিকতা প্রদর্শন’ বুলি এটা সংজ্ঞা নিজা ভাবেৰে উল্লেখ কৰিছোঁ৷ হ সমগ্র বিশ্বতে সামাজিক মাধ্যমে উৎকট কৰি তুলিছে৷ বিদ্যায়তনিক অনুসন্ধান কৰোঁতে এই পৰিঘটনাটোVirtue Signalling নামেৰে অভিহিত বুলি নিশ্চিত হ’লোঁ৷ কেম্ব্রিজ অভিধানে নতুনকৈ উৎকট ৰূপত দৃশ্যমান হৈ পৰা পৰিঘটনাটো এনেদৰে সংজ্ঞাবদ্ধ কৰিছে,’An attempt to show other people that you are a good person, for example by expressing opinions that will be acceptable to them, especially on social media. Virtue signalling is the popular modern habit of indicating that one has virtue merely by expressing disgust or favour for certain political ideas or cultural happenings. ‘অক্সফর্ড হংলিছ অভিধানে’The action or practice of expressing one’s views or acting in a way thought to be motivated primarily by a wish to exhibit good character, social conscience, political convictions, etc., or to garner recognition and approval.’ বুলি অভিহিত কৰিছে৷
আদিম মানৱ সমাজত নিজকে আনতকৈ মহান দেখুওৱাৰ উপযোগিতা আছিল৷ সেইসকল প্রতিযোগিতাত অধিক সফল হৈছিল৷ সংগীলাভত সহায়ক সেয়ে প্রজনন–বংশবৃদ্ধি ক্ষেত্রত সহায়ক হৈছিল৷ আধুনিক যুগত হয়াৰ প্রয়োজনীয়তা নাই, কিন্তু বিৱর্তনৰ এহ অৱশেষ মানৱ মনঃস্তত্ত্বৰ গোপন অন্ধকাৰ কোঠালিত সংৰক্ষিত হৈ আছে৷ আজি সামাজিক মাধ্যমে সাৰ–পানী দি এহ প্রৱণতা উৎকট আৰু কুৎচিৎ ৰূপত পৰিস্ফুট কৰি তুলিছে যে সমাজ শুধৰাব পৰা চিন্তা–কার্যক গৌণ কৰি তুলিছে৷Virtu Signalling যেতিয়া খং–ক্ষোভৰ সৈতে সংপৃক্ত হৈ প্রকাশ পায়, তেতিয়া এটা মানসিক পৰিতৃপ্তি লাভ হয়৷ আমি সাধাৰণতে ফেচবুকত সমভাবাপন্ন লোকৰ সৈতে বন্বুূত্ব কৰোঁ৷Virtu Signalling কৰা মাত্রকে আমি যোগাত্মক সঁহাৰি পাওঁ৷ ক্রমান্বয়ে এই প্রৱণতা বাঢ়ি যায়৷ সেয়ে ফেচবুকৰ দৰে মাধ্যমক প্রতিধ্বনি কক্ষ বুলি কোৱা হয়৷ নিজৰেহ প্রতিধবনি আনৰ নিৰপেক্ষ সঁহাৰি বুলি ভাব হয়৷
কিছু ব্যতিক্রমীভাৱে বুলি ধাৰণা কৰিছোঁ, মহ ফেচবুকত মোৰ সৈতে অমত থকা অভিমত অধিক দেখিবলৈ পাওঁ৷ হয়তো বন্বুূ বাছনিত মহ নিৰপেক্ষ আছিলোঁ অথবা মোক ভিন্ন ভাবাপন্ন লোকে বন্বুূ কৰি লৈছিল৷ সেহ কাৰণে মহ উপকৃত হৈছোঁ৷ কাৰণ–ব্যাখ্যা বিচাৰি ফুৰোঁ আৰু কিছু আত্ম–প্রতিফলনো কৰোঁ৷
ফেচবুকৰ বিমূর্ত সমাজত অতি ক্ষণস্থায়ী ৰূপত ধুমুহা তোলাVirtue Signallingৰ জৰিয়তেই নহওক কিয়, ঘটনাবোৰ গুৰুত্বপূর্ণ৷ প্রতিটো ঘটনাহ বাস্তৱ সমস্যা কিছুমান দাঙি ধৰে৷ এহ সমস্যাসমূহ আমাৰ সমাজ আৰু প্রণালীৰ দুর্বলতা৷ এইবোৰৰ সমাধান হাতে–কামে হ’ব লাগিব৷ আত্ম–পৰিতৃপ্তিমূলক ক্ষোভ প্রকাশ সমস্যা সমাধানৰ প্রয়াস নহয়৷ হ বিশুদ্ধVirtue Signalling.
দৈনিক অসমত একাধিক ক্লেৰিঙৰ দৰে দেৱশিশুৰ মৃত্যু হয়৷ একাধিক তেজস্বিতা হেৰাই যায়৷ অকাল আৰু অপ্রাকৃতিক মৃত্যু জীৱনৰ অমোঘ সত্য৷ শিশুৰ মাজতOut of Hospital Cardiac Arrestৰ সংখ্যা প্রতি ১,০০,০০০ত ১০ (দহ)জন৷ উন্নত দেশতো হয়াৰ সামান্যসংখ্যকৰহে জীৱন বাচে৷ অকাল আৰু অপ্রাকৃতিক মৃত্যুৰ এটা অংশ প্রতিৰোধ কৰিব পৰা বিধৰ৷ প্রতিৰোধ্যখিনি প্রতিৰোধ কৰিবলৈ নিৰৱচ্ছিন্ন প্রচেষ্টা লাগিব৷ ফেচবুকৰ ক্ষণস্থায়ী খং–ক্ষোভ কেৱলVirtue Signalling৷
মহ বছৰটোত বহু চিকিৎসা সম্পর্কীয় হিয়া ভঙা কাহিনীৰ সাক্ষী হৈ পৰোঁ৷ মহ শোকাভিভূত হওঁ৷ ক্ষোভিত হওঁ৷ কেহদিনমান পূর্বে এজন অসহায় মানুহ, দেউতাৰ চৰকাৰী কর্মকালৰ চতুর্থবর্গৰ সহকর্মী, তেওঁৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছিল৷ সাধাৰণ মানুহ৷ মহ ভ্রমণত থকা হেতুকে মোৰ সৈতে যোগাযোগ বাধাগ্রস্ত হৈছিল৷ ফোন এটা কৰি চিকিৎসক বা কর্তৃপক্ষক খবৰ কৰিলে হয়তো অৱহেলা কিঞ্চিৎ কম হ’লহেঁতেন৷ পৰিয়ালটোৰ বেজাৰ হয়তো কিছু লাঘৱ হ’লহেঁতেন৷ এহখিনি ব্যক্তিগত কথা ব্যক্ত কৰি মহ নিজেহVirtue Signallingৰ দোষত পতিত হ’লোঁ৷ বিৱর্তনৰ অলাগতিয়াল বোজা পৰিহাৰ কৰা কঠিন৷
কিন্তু কিয় হেলা–ৱহেলাৰ কাৰকে মোৰ দৰে লোকৰ ফোনৰ অপেক্ষা কৰে? ইয়াৰ সহজ সমাধান যদি মই জানিলোঁহেঁতেন নিশ্চয়কৈ আমৰণ অনশন কৰিও চৰকাৰক বাধ্য কৰোৱাৰ চেষ্টা কৰিলোঁহেঁতেন৷ প্রকৃততে সমাধান এটা অভিযান৷ সমাধানৰ বাবে ভাবধাৰাৰ পৰিৱর্তনৰ প্রয়োজন৷ সামাজিক আৰু বৃত্তিগত নেতৃত্বৰ প্রয়োজন (ৰাজনৈতিক নেতৃত্বহ একমাত্র নেতৃত্ব নহয়)৷ সীমিত সম্পদৰ মাজত সমস্যা সমাধানৰ অভিনৱত্বৰ প্রয়োজন৷ জীৱন ৰক্ষাৰ বাবে মকৰধবজ নাই৷ বৃত্তিগত বিধি–নৈতিকতা পালনৰ প্রয়োজন৷ বৃহত্তৰ সমাজখনৰVirtue Signallingৰ দৰে লোভনীয় ব্যৱহাৰ পৰিহাৰ কৰি গঠনমূলক সমালোচনা আৰু কার্যসূচীত প্রবৃত্ত হোৱাৰ প্রয়োজন৷ উদ্দীপনা যোগাব পৰা উদাহৰণৰ প্রয়োজন৷ দুর্ঘটনাৰ প্রকৃত কাৰণ নির্ধাৰণ আৰু ভৱিষ্যতৰ বাবে শিক্ষা লাভৰ প্রয়োজন৷
বিঃদ্রঃ লেখাটো মাজুলীৰ শেহতীয়াকৈ শোকৰ ঘটনাটোৰ পূর্বে কৰা৷