নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০টি শিশুক পণবন্দী কৰা অভিযুক্তক হত্যা ফাৰুখাবাদত

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ উত্তৰ প্রদেশৰ ফাৰুখাবাদ জিলাত এবছৰীয়া কন্যাৰ বাবে ভুৱা জন্মদিনৰ উৎসৱ আয়োজন কৰি ২০টাতকৈ অধিক শিশুক পণবন্দী কৰা এজন লোকক গুলীয়াই হত্যা কৰিছে আৰক্ষীয়ে৷ এই ঘটনাক লৈ সমগ্র জিলাখনত সৃষ্টি হৈছে চাঞ্চল্য৷ স্থানীয় সংবাদ মাধ্যমে এই লোকজনক সুভাষ বথাম বুলি চিনাক্ত কৰিছে৷ উল্লেখনীয় যে হত্যাৰ গোচৰত অভিযুক্ত লোকজনে জামিনত মুক্তি লাভ কৰিছিল৷ লোকজনে এনেদৰে শিশুসকলক পণবন্দী কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতে স্থানীয় লোকসকলে আৰম্ভ কৰি দিয়ে অত্যাচাৰ৷ স্থানীয় লোকৰ নৃশংস প্রহাৰত নিহত হয় বথামৰ পত্নীয়ো৷ উল্লেখনীয় যে সুদীর্ঘ ১০ ঘণ্টা ধৰি এই পণবন্দী নাটকৰ অৱসান ঘটাবলৈ আৰক্ষীয়ে প্রচেষ্টা চলাবলগীয়া হয়৷ ৬ৰ পৰা ১৫ বছৰ বয়সৰ ভিতৰৰ আটাইকেইটা শিশু নিৰাপদে থকা বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ প্রত্যক্ষদর্শীৰ বক্তব্যৰ উদ্ধৃতি দি সংবাদ সংস্থা বিবিচিয়ে সদৰী কৰা অনুসৰি পণবন্দী শিশুসকলৰ পৰিয়ালে গোটেই নিশা আতংকত কটাবলগীয়া হয়৷ সুভাষ বথামৰ প্রতিৱেশীসকলে কালি নিশা উজাগৰে কটায়৷ উল্লেখনীয় যে শিশুসকলৰ নিৰাপত্তাৰ বিষয়টোক লৈ উদ্বিগ্ণ হৈ পৰে স্থানীয় লোকসকল৷ আৰক্ষীয়ে বথামক বাৰে বাৰে আত্মসমর্পণৰ বাবে আহ্বান জনাইছিল যদিও এই আহ্বানক অভিযুক্ত লোকজনে অগ্রাহ্য কৰে৷ অৱশেষত বথামৰ ঘৰত প্রৱেশ কৰি আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়৷ এই শিহৰণকাৰী ঘটনাই এতিয়া সমগ্র উত্তৰ প্রদেশৰ লগতে দেশৰ সংবাদ মাধ্যমত খলকনি তুলিছে৷ লক্ষণীয়ভাৱে আৰক্ষীয়ে এই অভিযানত বিশেষ বাহিনীক নিয়োগ কৰিবলৈ বাধ্য হয়৷ বথামৰ বাসগৃহত জন্মদিনৰ উৎসৱ অনুষ্ঠিত হোৱাৰ সময়তে স্থানীয় কেইবাগৰাকীও লোকে এই ঘটনাত আশংকা প্রকাশ কৰি আৰক্ষীৰ সৈতে যোগাযোগ কৰে৷ স্থানীয় বাসিন্দাসকলৰ আশংকা সত্য প্রমাণিত হয়৷ কাৰণ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে বথামে ঘৰটোৰ ভিতৰৰ পৰা গুলীচালনা কৰিবলৈ আৰম্ভ কৰে৷ স্মর্তব্য যে ফাৰুখাবাদৰ এই ঘটনাই এতিয়া আন্তর্জাতিক সংবাদ মাধ্যমতো চর্চা লাভ কৰিছে৷ অৱশ্যে এই অভিযান কালত স্থানীয় গঞাৰ হাতত বথামৰ পত্নী নিহত হোৱা ঘটনা সন্দর্ভত সবিশেষ তথ্য সদৰী কৰা নাই আৰক্ষীয়ে৷

You might also like