নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীবাসীলৈ বিজেপিৰ প্রতিশ্রুতিৰ টোপোলা

১০ লাখ চাকৰি, খোৱাপানী, ২ টকাত প্রতি কিলোগ্রাম ময়দা

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ নির্বাচনী প্রচাৰ অভিযানত দিল্লীৰ ৰাজনীতি উত্তপ্ত হৈ থকা সময়তে শুকুৰবাৰে বিজেপিয়ে মুকলি কৰিছে নির্বাচনী ইস্তাহাৰ ‘সংকল্প পত্র’৷ আগন্তুক ৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নির্বাচনৰ বাবে প্রতিশ্রুতিৰ বন্যাৰে বিজেপিয়ে শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিছে এই সংকল্প পত্র৷ জ্যেষ্ঠ নেতা নীতিন গাডকাৰি, হর্ষৱর্ধন, প্রকাশ জাভেদকাৰ তথা অন্যান্যসকলৰ উপস্থিতিত শুকুৰবাৰে দিল্লীৰ বিজেপি গোটে এই সংকল্প পত্র মুকলি কৰিছে৷ বিজেপিৰ দিল্লী গোটৰ মুৰব্বী মনোজ তিৱাৰী উপস্থিত থকা এই অনুষ্ঠানত সংকল্প পত্রত দিল্লীবাসীৰ ভৱিষ্যৎ সলনি কৰি দিয়াৰ বিভিন্ন প্রতিশ্রুতি প্রদান কৰা হৈছে৷ দেশৰ ৰাজধানী মহানগৰখনত বিশুদ্ধ বায়ু, পর্যাপ্ত খোৱাপানী যোগান আৰু ১০ লাখ যুৱক–যুৱতীক নিয়োগৰ প্রতিশ্রুতি প্রদান কৰিছে বিজেপিয়ে৷ ইয়াৰ উপৰি বিভিন্ন ক্ষেত্রত বিনামূলীয়া ব্যৱস্থা দিল্লীবাসীয়ে লাভ কৰিব বুলিও সংকল্প পত্রত ঘোষণা কৰা হৈছে৷ ৰাষ্ট্রীয় ৰাজধানীখনত বিজেপিয়ে বুলেট ট্রেইন সেৱা মুকলি কৰাৰ প্রতিশ্রুতি দিছে৷ বিজেপিয়ে সদায় দেশৰ হূদপিণ্ড দিল্লীৰ প্রগতিৰ কথা চিন্তা কৰি অহা বুলিও এই সংকল্প পত্রত ঘোষণা কৰা হৈছে৷ অকল সেয়াই নহয়, দলটো ক্ষমতালৈ আহিলে দিল্লীৰ প্রতিটো দুখীয়া পৰিয়ালে প্রতি কিলোগ্রামত ২ টকাকৈ লাভ কৰিব ময়দা৷ স্মর্তব্য যে প্রতিটো দৰিদ্র পৰিয়ালকে বিশুদ্ধ খোৱাপানী যোগানৰ প্রতিশ্রুতি দিয়া বিজেপিয়ে ৰাজধানী মহানগৰখনৰ বায়ু প্রদূষণ নাইকিয়া কৰিবলৈ বৈদ্যুতিক বাহন চলোৱাৰ ব্যৱস্থা কৰিব বুলিও প্রতিশ্রুতি দিছে এই সংকল্প পত্রত৷ ইয়াৰ উপৰি দিল্লীৰ আন্তঃগাঁথনি তথা বাণিজ্যিক ক্ষেত্রত বৈপ্লৱিক পৰিৱর্তন অনাৰ বিভিন্ন প্রতিশ্রুতি আজি সংকল্প পত্রৰ জৰিয়তে ভোটাৰসকললৈ আগবঢ়াইছে বিজেপিয়ে।

You might also like