নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেনা জোৱানৰে দীপাৱলী পালিব প্ৰধানমন্ত্ৰীয়ে, কেদাৰনাথ-বদ্ৰীনাথত কৰিব পূজা

বিশেষ বাৰ্তা, ১২ অক্টোবৰঃ দীপাৱলীৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেদাৰনাথ আৰু বদ্ৰীনাথলৈ যাব। সূত্ৰ অনুসৰি ২২ আৰু ২৩ অক্টোবৰত মোদীয়ে উত্তৰাখণ্ড ভ্ৰমণ কৰিব। প্ৰথমে ২২ অক্টোবৰত কেদাৰনাথ ধামত প্ৰাৰ্থনা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু তাৰ পিছত ২২ অক্টোবৰৰ সন্ধিয়া বদ্ৰীনাথ ধামত উপস্থিত হ’ব। তীৰ্থস্থানসমূহত চলি থকা উন্নয়নমূলক কাম-কাজৰো পৰ্যালোচনা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। সূত্ৰই জনোৱা মতে, সীমান্তত নিয়োজিত জোৱানৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে দীপাৱলী উদযাপন কৰিব পাৰে। উল্লেখ্য যে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হৈছিল আৰু তেতিয়াৰ পৰা তেওঁ সেনাৰ সৈতে দীপাৱলী উদযাপন কৰা দেখা গৈছে। হিমাচল প্ৰদেশৰ চাংগো গাঁৱত ২০১৬ চনত দীপাৱলী উদযাপন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ সময়ত জোৱানসকলৰ মাজত অতি সাহস দেখা গ’ল। একে সময়তে ২০১৭ চনত দীপাৱলী উদযাপনৰ বাবে জম্মু-কাশ্মীৰৰ গুৰেজ উপত্যকাত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াত মোডীক বৰ ষ্টাইলিছ দেখা গৈছিল। তেওঁ সেনাৰ জোৱানসকলকো সম্বোধন কৰে। ২০১৮ চনত দীপাৱলী উদযাপনৰ বাবে উত্তৰাখণ্ডৰ হৰচিললৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২০১৯ চনত লোকসভা নিৰ্বাচনত বিজেপিয়ে ধুমুহাৰ গতিত জয়লাভ কৰি দীপাৱলী উদযাপনৰ বাবে জম্মু-কাশ্মীৰৰ ৰাজৌৰীত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদীয়ে। ২০২০ চনৰ দীপাৱলী লংগেৱালা পোষ্ট (ৰাজস্থান)ত নিয়োজিত জোৱানসকলৰ বাবে অতি বিশেষ আছিল। ইয়াত তেওঁলোকৰ মাজত উপস্থিত আছিল দেশৰ প্ৰধানমন্ত্ৰী। কৰ’না মহামাৰীৰ মাজতে ২০২০ বৰ্ষৰ দীপাৱলী উদযাপন কৰিছিল মোদীয়ে এই পোষ্টটোত জোৱান সকলৰ সৈতে। ২০২১ চনত পি এম মোদীয়ে নৌশ্বেৰাত (জম্মু-কাশ্মীৰ) পৱিত্ৰ দীপাৱলী উদযাপন কৰিছিল।

You might also like