নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২২ চনত আৱর্জনা হ’ব ৫৩০ কোটি ম’বাইল ফোন

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ ই–আৱর্জনাই বিশ্বজুৰি এক ভয়ানক সমস্যাৰ সৃষ্টি কৰিছে৷ অধিকাংশ লোকে ই–ডিভাইচ বিশেষকৈ ম’বাইলকে ধৰি অন্যান্য সামগ্রী ৰিচাইক্লিং কৰাৰ বিপৰীতে পুৰণি সামগ্রীটোক ঘৰত জমা কৰি ৰাখে৷ এসময়ত আৱর্জনা হিচাপে পেলাই দিয়াত পৰিৱেশত ই–আৱর্জনাই ভয়াৱহ সমস্যাৰূপে গঢ় লৈছে৷ ইণ্টাৰনেচনেল ৱেষ্ট ইলেক্ট্রিকেল এণ্ড ইলেক্ট্রনিক ইকুইপমেণ্ট ফ’ৰাম চমুকৈ ডব্লিউ ই ই ই–এ প্রকাশ কৰা মতে, ২০২২ বর্ষত ৫৩০ কোটি ম’বাইল ফোন আৱর্জনাত পৰিণত হ’ব৷ এই ম’বাইল ফোনে সমস্যাৰ সৃষ্টি কৰিব৷ ডব্লিউ ই ই ইৰ সঞ্চালকপ্রধান পাছকেল লেৰই প্রকাশ কৰা মতে, জনতাই ম’বাইল ফোনকে ধৰি অন্যান্য ই–ডিভাইচৰ ৰিচাইক্লিঙৰ গুৰুত্ব বুজি নোপোৱাৰ বাবে ই–আৱর্জনা বৃদ্ধি পাইছে৷ অধ্যয়নত প্রকাশ কৰা মতে, ৱাশ্বিং মেচিনৰ পৰা ইলেক্ট্রনিক আৰু ইলেক্ট্রিকেল সামগ্রী আৱর্জনাৰ পাহাৰ গঢ়ি উঠিছে৷ টেবলেট কম্পিউটাৰকে ধৰি বিভিন্ন সামগ্রীৰে আৱর্জনা এনেদৰে বৃদ্ধি পাইছে যে ২০৩০ চনৰ ভিতৰত এই আৱর্জনা ৭৪ নিযুত টন হ’ব৷ চলিত বর্ষৰ প্রাৰম্ভতে ৰয়েল ছ’চাইটী অৱ কেমেষ্ট্রিয়ে ই–আৱর্জনাৰ পৰা নতুন সামগ্রী উৎপাদনৰ প্রচাৰ চলাইছে যদিও এতিয়াও সেয়া ফলপ্রসূ হোৱা নাই৷

You might also like