নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দীত প্রেছক্রিপচন ‘শ্রী হৰি’ৰে আৰম্ভ কৰিলে মধ্য প্রদেশৰ চিকিৎসকে

নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰ: হিন্দীত লিখা হ’ল গোটেই প্রেছক্রিপচন৷ ৰোগীক কি কি ঔষধ খাবলৈ দিয়া হ’ব, সেয়াও হিন্দীতে লিখিলে চিকিৎসকে৷ আনকি প্রেছক্রিপচনৰ য’ত ঔষধৰ নাম লেখা হয়, তাৰ আৰম্ভণিতে ‘আৰ এক্স’ৰ স্থানত লিখি দিয়া হ’ল ‘শ্রী হৰি’৷ মধ্য প্রদেশত হিন্দীত অনূদিত চিকিৎসা বিজ্ঞানৰ গ্রন্থ অমিত শ্বাহে মুকলি কৰাৰ পিছতে এই প্রেছক্রিপচন লিখিলে ৰাজ্যখনৰ সমৰেশ সিং নামৰ চিকিৎসকগৰাকীয়ে৷ লগে লগে এই প্রেছক্রিপচন ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ অমিত শ্বাহে চৰকাৰী হাস্পতালত চিকিৎসকসকলক হিন্দীত প্রেছক্রিপচন লিখিবলৈ আহ্বান জনোৱাৰ পিছতে এই ঘটনা ঘটিছে৷

You might also like