নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেৰামে ধ্বংস কৰিলে ১০ কোটি ড’জ ক’ভিশ্বিল্ড ভেকচিন

নিয়ৰ্মীয়া বাৰ্তা, ২২অক্টোবৰ : দৰব প্রস্তুতকাৰী সংস্থা ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (এছআইআই)ই ১০০ নিযুত ড’জ ক’ভিড ভেকচিন ধ্বংস কৰি পেলাইছে৷ এই বিশাল পৰিমাণৰ ভেকচিনৰ ম্যাদ উকলি যোৱাৰ বাবে ইয়াক ধ্বংস কৰাৰ সিদ্ধান্ত লয় সংস্থাটোৱে৷ উল্লেখনীয় যে যোৱা বছৰ ডিচেম্বৰ মাহত ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ক’ভিশ্বিল্ড ভেকচিনৰ উৎপাদন বন্ধ কৰিছিল৷ এই ভেকচিনবিধৰ চাহিদা কমি অহা বাবেই ইয়াৰ উৎপাদন বন্ধ কৰাৰ সিদ্ধান্ত লয় সংস্থাটোৱে৷ শেহতীয়াকৈ সংস্থাটোৰ চিই’ আদৰ পুনাৱালাই উল্লেখ কৰিছে যে ম্যাদ উকলি যোৱা ১০০ নিযুত ড’জ অর্থাৎ ১০ কোটি ড’জ ভেকচিন ধ্বংস কৰি পেলোৱা হৈছে৷ উল্লেখনীয় যে ভাৰতত ৯০ শতাংশতকৈ বেছি ক’ভিশ্বিল্ড ভেকচিন প্রদান কৰা হৈছিল জনসাধাৰণক৷ কিন্তু বিশ্বৰ অন্য দেশত এই ভেকচিনবিধৰ চাহিদা কম আছিল৷ যাৰ বাবে উৎপাদিত বিশাল পৰিমাণৰ ক’ভিশ্বিল্ড ড’জৰ ম্যাদ উকলি যায়৷ স্মর্তব্য যে ভাৰতত ক’ভিশ্বিল্ড আটাইতকৈ কার্যকৰী ভেকচিন হিচাপে চিহ্ণিত হৈছিল৷

You might also like