নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: স্বাস্থ্যকেন্দ্রত অকলেই কামত নিয়োজিত হৈ আছে এজনী তৰুণী নার্ছ৷ সেই সুযোগ লৈ স্বাস্থ্যকেন্দ্রত প্রৱেশ কৰি নার্ছক ধর্ষণ কৰে কেইবাটাও দুর্বৃত্তই৷ ছত্তিশগড়ত সংঘটিত হৈছে এই শিহৰণকাৰী গণধর্ষণ৷ ঘটনাত জড়িত থকাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে তিনিটা দুর্বৃত্তক গ্রেপ্তাৰ কৰিছে৷ ইফালে, স্বাস্থ্যকেন্দ্রত উপযুক্ত নিৰাপত্তাৰ দাবীত প্রতিবাদ সাব্যস্ত কৰিছে স্বাস্থ্যকর্মীসকলে৷ ৰাজ্যখনৰ মহেন্দ্রগড় জিলাৰ ছিপাছিপি গাঁৱৰ স্বাস্থ্যকেন্দ্রত সংঘটিত হৈছে এই ঘটনা৷ নার্ছগৰাকীক দুর্বৃত্তই বান্ধি, মুখত কাপোৰ সোপা দি পাশৱিক আতিশয্য চলায়৷ এই ঘটনাত এজন কিশোৰ জড়িত থকা বুলিও অভিযোগ উঠিছে৷