নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বদৰপুৰত ৪ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ, ৩ সৰবৰাহকাৰীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: ড্ৰাগছৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সফলতা। কৰিমগঞ্জ আৰক্ষীয়ে বদৰপুৰঘাট নাকা চেক গেটত এখন অল্ট’ গাড়ীত তালাচী চলাই ৪৮টা পেকেটত ৬২১ গ্ৰাম হেৰ’ইন সহ তিনি চোৰাং ব্যৱসায়ীক আটক কৰে। এক গোপন সূত্ৰৰ ভিত্তিত কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম দাস আৰু বদৰপুৰ আৰক্ষী থানাৰ অ’চি চন্দন গোস্বামীৰ নেতৃত্বত এটা বিশেষ আৰক্ষী দলে বদৰপুৰঘাটৰ নাকা চেক গেটত তালাচী চলাই মিজোৰামৰ পৰা শিলচৰ হৈ কৰিমগঞ্জ অভিমুখে অহা এখন অল্ট’ গাড়ীত তালাচী চলায় আৰু প্ৰায় চাৰি কোটি টকাৰ ড্ৰাগছ জব্দ কৰে। এই সন্দৰ্ভত আজি বদৰপুৰত আয়োজিত এখন সংবাদমেলত কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম দাসে কয় যে, চাৰি কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এখন অল্ট’ গাড়ীৰ পৰা তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত কেইজন হ’ল ইছলাম উদ্দিন, হোছেইন আহমেদ আৰু আব্দুল লতিফ। তেওঁলোকক বদৰপুৰ আৰক্ষী থানাত আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলিও তেওঁ জানিবলৈ দিয়ে। এই ছিণ্ডিকেটৰ সৈতে জড়িত আন আন পাণ্ডাকো শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব বুলি তেওঁ কয়।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like