দীপৰ বিলত হ্রাস পাইছে পৰিভ্রমী চৰাই
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: ৰামছাৰ ছাইটখ্যাত দীপৰ বিলত চলি থকা অবাধ বেদখল, ভয়াৱহ প্রদূষণে বিলৰ জৈৱ–বৈচিত্র্যৰ প্রতি তীব্র ভাবুকি কঢ়িয়াইছে৷ দীপৰ বিলত বছৰ বছৰ ধৰি চলি অহা বেদখলে আর্দ্রভূমিৰ পৰিসৰ হ্রাস কৰাৰ ফলত প্রতি বছৰে উদ্বেগজনকভাৱে হ্রাস পাইছে পৰিভ্রমী পক্ষীৰ সংখ্যা৷ শীতৰ আগমনৰ লগে লগে প্রতি বছৰে দীপৰ বিল মুখৰিত হৈ পৰে পৰিভ্রমী পক্ষীৰ কলৰৱত৷ কিন্তু শেহতীয়াকৈ বিগত কেইবাবছৰ ধৰি অস্বাভাৱিক হাৰত পৰিভ্রমী পক্ষীৰ সংখ্যা হ্রাস পাইছে৷ শেহতীয়াকৈ প্রকাশিত তথ্য অনুসৰি, দুই শতাধিক প্রজাতিৰ পক্ষীৰ বিচৰণস্থলী দীপৰ বিলত শেহতীয়া জৰীপত মাত্র ৬৬টা প্রজাতিৰ পক্ষীহে পোৱা গৈছে৷
২০০২ চনত ৪ হাজাৰ হেক্টৰ জলাশয়ৰ ভূমি হিচাপে স্বীকৃত ৰামছাৰ ছাইট দীপৰ বিলত অবাধ ভূমি বেদখল আৰু প্রদূষণৰ পৰিণতিত পৰিভ্রমী পক্ষীৰ সংখ্যা প্রতিবছৰে উদ্বেগজনকভাৱে হ্রাস পাবলৈ ধৰিছে৷ দীপৰ বিল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ২৭০টা বিভিন্ন প্রজাতিৰ চৰাই দেখিবলৈ পোৱা গৈছিল৷ ইয়াৰ ভিতৰত ৭০টা প্রজাতিৰ চৰাই আছিল পৰিভ্রমী চৰাই৷ বিভিন্ন প্রজাতিৰ চৰাইৰ ভিতৰত পানীডুবি, দেওৰাজহঁাহ, ভেলা, পানীকাউৰী, কৈলাঙী, দৈকলা, মণিয়ৰী, গোবগ, পানীবগ, বৰবগ, মাজুবগ, ৱাক চৰাই, আজান, কণামুচৰি, ইটাগুড়ীয়া, নলচুপি, মাহদলা, শামুকভঙা, বৰটোকোলা, হাডগিলা, শৰালি, বৰশৰালি, ধৃতৰাজ, বনৰীয়া পাতিহঁাহ, ঘিলাহঁাহ, ৰঙামুৰি হঁাহ, বামুণী হঁাহ, মটিয়া চিলনী, শগুন, মাছৰোকা, ডাউক, দলপোঙা, কামচৰাই, গংগাচিলনী, বালিমাহী আদি উল্লেখযোগ্য৷ এই বিভিন্ন প্রজাতিৰ চৰাইৰ ভিতৰত এইবাৰৰ জৰীপত মাত্র ৬৬টা প্রজাতিৰহে চৰাই দীপৰ বিলত পোৱা গৈছে৷
তথ্য অনুসৰি, শেহতীয়া জৰীপত ৫৪টা পানীডুবি চৰাই, ৭৭টা দেওৰাজহঁাহ, ১৫টা ধৃতৰাজ, ৪৬৪টা ইটাগুডীয়া হঁাহ, ২৫টা চাকৈচকোৱা, ১১৬৯টা কাৰনেজি হঁাহ, ১৩৪৩টা সৰুশৰালি হঁাহ, ৯টা বৰশৰালি হঁাহ, ৪টা ঘিলাহঁাহ, ১১৯টা পানীকাউৰী, ৩৮টা মণিয়ৰী, ৩টা বালি খোঁচৰা, ৩টা বৰটোকোলা, ৩টা হাডগিলা, ৪টা বৰবগ, ১৬টা আজান, ৭টা ইটাগুডীয়া, ২০৪টা কামচৰাই, ৩টা ডাউক, ৪টা বালিঘোঁৰা, ১২টা মাছৰোকা, ৫৫টা চিলনী, ১টা শেন, ১৬টা ফেঁচু, ৭টা কপৌ, ৪৭২১টা টেলটুপি, ৫টা বুলবুলি, ১০টা কাণকুৰিকা, ৩টা মইনা, ২২টা দলপোঙা, ২৭টা দলমৌৰা, ৪টা ৰামপাৰ, ১টা গংগাচিলনীকে ধৰি মাত্র ৬৬টা প্রজাতিৰহে চৰাই পোৱা গৈছে৷ জৰীপৰ তথ্য অনুসৰি, সর্বমুঠ ১০২৮৯টা বিভিন্ন প্রজাতিৰ চৰাই পোৱা গৈছে৷ ৰামছাৰ ছাইটখ্যাত পক্ষী অভয়াৰণ্য দীপৰ বিলত মাত্র এক দশকৰ ভিতৰতে দুই শতাধিক বিভিন্ন প্রজাতিৰ পক্ষীৰ ভিতৰত মাত্র ৬৬টা প্রজাতিৰ পক্ষীহে জৰীপত পোৱা বিষয়টোক লৈ সর্বত্র চর্চা চলিছে৷ ৰাজ্য চৰকাৰ, বন বিভাগ, জিলা প্রশাসনৰ নির্লিপ্ততাৰ বাবে অস্বাভাৱিক ধৰণে দীপৰ বিলত পক্ষীৰ লগতে জলজ উদ্ভিদ আৰু জীৱকুলৰ সংখ্যা হ্রাস পাইছে৷ ৰামছাৰ ছাইটখ্যাত দীপৰ বিলৰ জৈৱ–বৈচিত্র্য ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰ আৰু বন বিভাগে কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷