নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ অখিল ভাৰতীয় হিন্দু মহাসভাৰ অক্ষ্যক্ষ ৰঞ্জিত বচ্চনক দেওবাৰে দিন দুপৰতে গুলীয়াই হত্যা কৰা হয় । তেওঁ প্ৰাতঃভ্ৰমণৰ বাবে যাওতেই বাইকেৰে অহা অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই থৈ যায় ।
ইপিনে এই হত্যাকাণ্ডত ৯ এম এম পিষ্টলৰ ব্যৱহাৰ হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে ।
উল্লেখ্য যে এই ঘটনাত ৰঞ্জিত বচ্চনৰ সৈতে প্ৰাতঃভ্ৰমণত যোৱা আন এজন লোকো আঘাতপ্ৰাপ্ত হৈছে । বাইকেৰে অহা অচিনাক্ত লোক দুজন গুলীয়াইয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।
ইফালে হিন্দু মহাসভাৰ অক্ষ্যক্ষ ৰঞ্জিত বচ্চনে সমাজবাদী পাৰ্টীৰ হৈ কাম কৰি আহিছিল ।