বিশেষ বাৰ্তা, ১ নৱেম্বৰঃ বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰে আগন্তুক ছবি ‘মিলি’ৰ বাবে এইকেইদিন শিৰোনাম দখল কৰিছে। এই ছবিখনত জাহ্নৱীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু ছবিখনৰ ট্ৰেইলাৰো মুক্তি পাইছে। ইফালে অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ প্ৰচাৰৰ বাবে মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈছিল য’ত জাহ্নৱীয়ে মাতৃ শ্ৰীদেৱীৰ সৈতে জড়িত প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল। এটা অনুষ্ঠানত জাহ্নৱীয়ে সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দিয়া দেখা যায়। তেতিয়া সাংবাদিকগৰাকীয়ে জাহ্নৱীক সুধিলে যে মাতৃ শ্ৰীদেৱীৰ কোনো এখন ছবিৰ পুনৰ্নিৰ্মাণত কাম কৰিব বিচাৰে নেকি? এই কথাত জাহ্নৱীয়ে উত্তৰ দিলে, মই ভাবো মোৰ মা শ্ৰীদেৱীৰ কোনো এখন ছবি কোনেও পুনৰ নিৰ্মাণ কৰা উচিত নহয় কাৰণ তেওঁৰ দৰে কোনেও অভিনয় কৰিব নোৱাৰিব।” ইয়াৰ বাহিৰেও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে জাহ্নৱীৰ আন এটা ভিডিঅ’, য’ত তেওঁ মাতৃৰ বায়’পিক সম্পৰ্কীয় প্ৰশ্নৰ মুখ ফুটাই উত্তৰ দিয়া দেখা গৈছে। আচলতে ‘মিলি’ৰ প্ৰচাৰৰ এই অনুষ্ঠানত এগৰাকী সাংবাদিকে অভিনেত্ৰীগৰাকীক সুধিছিল যে তেওঁ প্ৰয়াত মাতৃ শ্ৰীদেৱীৰ বায়’পিকত কাম কৰিব বিচাৰে নেকি? এই প্ৰশ্নৰ উত্তৰত জাহ্নৱীয়ে অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হয়। অনুষ্ঠানত এগৰাকী সাংবাদিকে জাহ্নৱীক হিন্দীত সুধিলে, “ভৱিষ্যতে যদি শ্ৰীদেৱীৰ ওপৰত বায়’পিক নিৰ্মাণ কৰা হয়, তেন্তে আপুনি তাত কাম কৰিব বিচাৰিবনে?” জাহ্নৱীয়ে মূৰটো জোকাৰি হাঁহি এটা মাৰি কয়, “নাই নকৰোঁ।” তেতিয়া সাংবাদিকজনে সুধিছে কিয়? জাহ্নৱীয়ে উত্তৰ দিয়ে, “ছাৰ, এইটো এটা দীঘলীয়া উত্তৰ হ’ব আৰু মোৰ এতিয়া ভোক লাগিছে।” সাংবাদিকগৰাকীয়ে যেতিয়া পুনৰ জাহ্নৱীক উত্তৰ দিবলৈ জোৰ দিয়ে তেতিয়া অভিনেত্ৰীগৰাকীয়ে কয়, “মঞ্চত কান্দিব নিবিচাৰো।”