নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্ভয়া গোচৰঃ মৃত্যু পৰোৱানাৰ স্থগিতাদেশৰ বিৰুদ্ধে চৰকাৰৰ আবেদন

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ নির্ভয়া গণধর্ষণ আৰু হত্যাকাণ্ডত অভিযুক্ত চাৰি যুৱকৰ মৃত্যু পৰোৱানা স্থগিত ৰখাৰ বিৰুদ্ধে কেন্দ্রই দাখিল কৰা আবেদনৰ ৰায়দান স্থগিত ৰাখিলে দিল্লী উচ্চ ন্যায়ালয়ে৷ ন্যায়াধীশ সুৰেশ কেইটে কয় যে সকলো পক্ষৰ যুক্তি উপস্থাপন কৰাৰ পিছতে ন্যায়ালয়ে আদেশ প্রদান কৰিব৷

ছ’লিছিটৰ জেনেৰেল তুষাৰ মেহতাই দিল্লী উচ্চ ন্যায়ালয়ক কয় যে নির্ভয়া গণধর্ষণ আৰু হত্যাকাণ্ডত অভিযুক্তকেইজনে ফাঁচি ৰায়দান কার্যকৰী কৰাত বিভিন্ন কৌশলেৰে বিলম্ব কৰিছে৷ তেওঁ আৰু কয় যে নির্ভয়া কাণ্ডৰ দোষীকেইজনে আইনৰ স’তে খেলিছে৷

উল্লেখ্য যে ২০১২ চনৰ ১৭ ডিচেম্বৰৰ নিশা ২৩ বছৰীয়া পেৰামেডিকেলৰ ছাত্রীগৰাকীক গণধর্ষণ কৰি পেলাই থৈ গৈছিল৷ মুমূর্ষু অৱস্থাত উদ্ধাৰ হোৱা নির্ভয়াক উন্নত চিকিৎসাৰ বাবে ছিংগাপুৰৰ মাউণ্ট এলিজাবেথ হাস্পতালত ভর্তি কৰোৱা হৈছিল যদিও ২০১২ চনৰ ২৯ ডিচেম্বৰত ছাত্রীগৰাকীৰ মৃত্যু হয়৷

এই পাশৱিক অপৰাধত জড়িত অভিযুক্ত মুকেশ কুমাৰ, অক্ষয় সিং, বিনয় শর্মা আৰু পৱন গুপ্তাক যোৱা ১ ফেব্রুৱাৰীত ফাঁচিৰ নির্দেশ দিয়া হৈছিল যদিও দিল্লীৰ আদালতে এদিন পূর্বে এই মৃত্যু পৰোৱানাত স্থগিতাদেশ জাৰি কৰিছিল৷

You might also like