নগাঁও-বটদ্ৰৱা-ধিং সংযোগী পথৰ দুৰৱস্থা; গুৰুজনাৰ জন্মস্থানলৈ যোৱা যাত্ৰীৰ দুৰ্ভোগ
নিয়মীয়া বাৰ্তা, ১৯নবেম্বৰ : নগাওঁ জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু ব্যস্ত পথ হৈছে নগাওঁ চহৰৰ পৰা বটদ্ৰৱা – ধিং সংযোগী পথ। নগাওঁ চহৰৰ পৰা এই পথেৰেই ধিং হৈ মৰিগাঁও জিলাৰ মৈৰাবাৰী- লাহৰীঘাট আদিলৈ যাব পাৰি। এই পথৰ কাষৰ বটদ্ৰৱাত আছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পবিত্ৰ জন্মভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থান।বটদ্ৰৱা থানলৈ যাবৰ বাবে এইটোৱেই মূল পথ। এই পথেৰেই দৈনিক শ শ যাত্ৰী আৰু দৰ্শনাৰ্থী বটদ্ৰৱা থানলৈ যায়। পথটোৰ নগাওঁ চহৰৰ ধিংগেটৰ পৰা সোনাইঘাট অংশলৈকে অৱস্থা অতি শোচনীয়। পথটোত এতিয়া বালিময় পৰিৱেশ। দুই এঠাইত পানী জমা হৈ থকাও দেখা যায়। পথটোৰ দুৰৱস্থাৰ বাবেই এই পথেৰে অহা যোৱা কৰা যাত্ৰী সকলে দূৰ্ভোগ ভুগিব লগা হৈছে। তদুপৰি পথচাৰি লোক সকলে বিভিন্ন সমস্যাৰ সম্মুখীন হব লগা হয়। দীৰ্ঘদিন ধৰি বিধ্বস্তপ্ৰায় পথটোৰ ধূলি আৰু খলা – বমাৰ যন্ত্ৰণাৰ মাজেৰেই যাতায়ত কৰিব লগা হৈছে বিভিন্ন জনে। লোক নিৰ্মাণ বিভাগৰ হেমাহিৰ বাবেই যমৰ যাতনা ভোগ কৰিব লগা হৈছে যাতায়ত কৰা লোক সকলে। উল্লেখ যে পথটোৰ এই দূৰৱস্থাৰ বাবেই বটদ্ৰৱা থানলৈ যাত্ৰীৰ আগমন লক্ষণীয় ভাবে হ্ৰাস পাইছে। কেইবা বছৰৰ পূৰ্বে লোক নিৰ্মাণ বিভাগে নগাওঁ চহৰৰ পৰা ধিংলৈকে পথটো নতুনকৈ নিৰ্মাণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল যদিও আজিলৈকে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠিল। পথটোৰ দূৰৱস্থাৰ বাবে এতিয়া জাঙোৰখাই উঠিছে অসম জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতি। আজি পৰিষদৰ নগাওঁ জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়াই ক্ষোভেৰে কয়- লোক নিৰ্মাণ বিভাগৰ হেমাহিৰ বাবেই পথটোৰে অহা যোৱা কৰা লোক সকলে দুৰ্ভোগ ভুগিব লগা হৈছে। আমি বহুবাৰ নগাওঁ জিলাৰ উপায়ুক্ত, লোক নিৰ্মাণ বিভাগৰ নগাঁৱৰ কাৰ্যবাহী অভিযন্তা আদিক পথটোৰে যাতায়ত ব্যৱস্থা সূচল কৰিবলৈ লিখিত ভাবে অৱগত কৰি আহিছোঁ যদিও এতিয়ালৈকে কোনো ধৰণৰ শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি লোক নিৰ্মাণ বিভাগ আৰু নগাওঁ জিলা প্ৰশাসনক শীঘ্ৰেই এই পথচোৱাৰ যাতায়ত ব্যৱস্থা সূচল কৰি তুলিবলৈ আহ্বান জনাইছো। অন্যথা পৰিষদে গণ আন্দোলন গঢ়ি তুলিব বুলি সংশ্লিষ্ট সকলোকে সতৰ্ক কৰি দিয়ে।