অনলাইনত কাপোৰ ক্রয়; জু–ৰোডত মহিলাৰ আঢ়ৈ লাখ টকা লুট প্রৱঞ্চকৰ
নিয়মীয়া বাৰ্তা, ২৯নৱেম্বৰ: অনলাইনত কাপোৰ ক্রয় কৰি গুৱাহাটীৰ জু–ৰোডৰ এগৰাকী মহিলাই হেৰুৱালে প্রায় আঢ়ৈ লাখ টকা৷ এটা অনলাইন শ্বপিং এপত এটা চোলা ক্রয় কৰি প্রৱঞ্চকৰ জালত পৰে ক্রেতাগৰাকী৷ চোলাটো একচেঞ্জ কৰাৰ বাবে চেষ্টা চলোৱাৰ সময়তেই চাইবাৰ প্রৱঞ্চকৰ হাতোৰাত পৰে মহিলাগৰাকী৷ এটা ম’বাইল এপ ডাউনলোড কৰিবলৈ পৰামর্শ দি গুগল–পে’ৰ জৰিয়তে সামান্য পইচা ড্রেনজেকচন কৰিলেই নিজৰ পইচা বেংক একাউণ্টত ওভতাই পাব বুলি প্রৱঞ্চকে কোৱাৰ পিছতেই মহিলাগৰাকীৰ বেংক একাউণ্টৰ পৰা ক্রমে ঊনপঞ্চাশ হাজাৰ, বাইশ হাজাৰ, ত্রিশ হাজাৰকৈ মুঠ আঢ়ৈ লাখ টকা সৰকালে৷ বিগত ছয় বছৰে কাপোৰ ক্রয় কৰি থকা সেই অনলাইন এপটোৰ পৰা মহিলাগৰাকীলৈ বিভিন্ন সময়ত বিভিন্ন অফাৰ দি ফোনকল আহি আছিল বুলি জনায় মহিলাগৰাকীয়ে৷ এনেদৰে কেইহাজাৰ মান টকাৰ এটা চোলা ক্রয় কৰি লাখৰো অধিক টকাৰ লোকচানৰ সন্মুুখীন হয় জুৰোডৰ মহিলাগৰাকী৷ বিগত সময়ত চাইবাৰ প্রৱঞ্চকে বিভিন্ন অসৎ উপায়েৰে বিভিন্ন লোকৰ বেংক একাউণ্টৰ পৰা নিমিষতেই লাখ লাখ টকা সৰকাই নিয়াৰ তথ্য খোদ আৰক্ষীয়ে দাঙি ধৰিছিল৷ এইক্ষেত্রত উপভোক্তাৰ সহায়ক হোৱাকৈ ১৯৩০ টোল ফ্রী নম্বৰো মুকলি কৰি দিছিল অসম আৰক্ষীয়ে৷ কিন্তু সামান্য অসাৱধানতাৰ বাবেই চাইবাৰ প্রৱঞ্চকৰ জালত পৰি দিগ্বিদিক হেৰুৱাইছে বহু লোকে৷