মিউজিক থেৰাপী
Music is therapy. Music moves people. It connects people in ways that no other medium can. It pulls heart strings. It acts as medicine. আমেৰিকাৰ বিশিষ্ট সংগীত শিল্পী মেক্লিম’ৰেৰ উপৰিউক্ত উক্তিত নিহিত হৈ আছে সংগীতৰ প্রভাৱ আৰু গুৰুত্বৰ কথা৷ সংগীতে সঁচাই মহৌষধৰ দৰে কাম কৰে৷ ‘বসুধৈৱ কুটুম্বকম’ ভাৱনাক বিস্তাৰ কৰাত সংগীতৰ ভূমিকা স্বাধিক৷ মানুহৰ পাৰমার্থিক উন্নতিৰ সুপ্রাচীন মাধ্যম সংগীত দৰাচলতে আত্মাৰ আহাৰ৷ সংগীত হৈছে পৰমানন্দ লাভ আৰু চেতনা উন্নীতকৰণৰ অদ্বিতীয় কলা৷ অশ্লীলতা, নিম্ন চেতনা আৰু অসুস্থ বিবেকবোধৰ পৰিণামস্বৰূপে স্থূল বিনোদনৰ বাবে সৃষ্টি হোৱা কিছুমানো গীতো আমাৰ কেতিয়াবা কর্ণগোচৰ হয়, সেইবোৰ কিন্তু আত্মাৰ আহাৰ নহয়, সেইবোৰ মাথোঁ শব্দ প্রদূষণহে৷
পণ্ডিত যশৰাজ, ভীমসেন যোশীৰ গীত, আমাৰ মহাপুৰুষ দুজনাৰ ৰগীত– এইবিলাক শুনিলে আমাৰ মন–প্রাণ এক সকাৰাত্মক শক্তিৰে ভৰপূৰ হৈ উঠে৷ ভাৰতীয় সাংগীতিক দৃষ্টিকোণেৰে চাবলৈ গ’লে ২৪ ঘণ্টা অর্থাৎ অষ্ট প্রহৰত বিভিন্ন প্রহৰত বিভিন্ন ৰাগ শুনাৰ বিধান আছে৷ প্রতিটো সময়ত প্রতিটো ৰাগ শুনাৰ উপযোগী নহয়৷ আনহাতে ৰাতিপুৱা ৰাগ ভৈৰৱী তাৰ পিছত ৰাগ ললিত, দুপৰীয়া ৰাগ তোৰী, জয়জয়ৱন্তী, জৌনপুৰী আবেলি ৰাগ য়মন, ৰাগপুৰীয়া ৰাতি ৯ জাত ৰাগ মালকোশ আদি শুনাৰ বাবে আদর্শ সময়৷ ঋতুভেদেও বিভিন্ন ৰাগৰ নির্দেশনা আছে৷ যেনে– গ্রীষ্ম ঋতুত দীপক ৰাগ, হেমন্ত ঋতুত শ্রী ৰাগ, সন্ত ঋতুত হিণ্ডোল ৰাগ আদি৷ ৰাতিপুৱা ৪ জাৰ পৰা ৭ জাৰ ভিতৰত ৰাগ ভৈৰৱী শুনিলে আৱেগিক শক্তি, ভক্তি আদিৰ দিশত সু–প্রভাৱ পৰে৷ ৭ জাৰ পৰা ১০ বজাৰ ভিতৰত ৰাগ তোৰী শুনিলে মনত আনন্দৰ সঞ্চাৰ হয়৷ ১০ বজাৰ পৰা ১ বজাৰ ভিতৰত ৰাগ ন্দাবনী সাডংগ শুনিলে জ্ঞানপ্রাপ্তিত সহায় হয়৷ আবেলি ৪ বজাৰ পৰা ৭ জাৰ ভিতৰত ৰাগ কাফি শুনিলে সৃষ্টিশীলতাত ইত্বিাচক প্রভাৱ পৰে৷ ৰাতি ৭ বজাৰ পৰা ১০ বজাৰ ভিতৰত ৰাগ দুর্গা শুনিলে সংহতিৰ ভাব মনলৈ আহে৷ উল্লেখযোগ্য যে নির্ধাৰিত সময়ত উল্লেখ কৰা ৰাগকেইটিৰ াদেও আন হুতো ৰাগ সেই সময়ত শুনাৰ উপযোগী আৰু সেই সমূহৰ সু–প্রভাৱো বিভিন্ন ধৰণৰ৷ ইয়াত মাথোঁ কেইটিমানৰহে উদাহৰণ দিয়া হৈছে৷
মিউজিক থেৰাপীৰ প্রভাৱশালী গুণৰ ওপৰত ইতিমধ্যে বিভিন্ন প্রায়োগিক সম্পৰীক্ষা হৈছে৷ পুডুচেৰীস্থিত মহাত্মা গান্ধী মেডিকেল কলেজ আৰু গৱেষণা প্রতিষ্ঠানৰ মনোৰোগ বিশেষজ্ঞ তথা মিউজিক থেৰাপিষ্ট সময় আজমেৰাই পেলেয়েটিভ কেয়াৰ, মানসিক উদ্বিগ্ণতাজনিত নানা সমস্যা, হূদয়জনিত বিভিন্ন সমস্যাত মিউজিক থেৰাপীৰ প্রয়োগ কৰি সুফল লাভ কৰিছে৷ ছত্তিশগড ৰাজ্যৰ অন্তর্গত খৈৰাগডৰ সাল্হেৱৰা প্রাথমিক স্বাস্থ্য কেন্দ্রত পৰীক্ষামূলকভাৱে মিউজিক থেৰাপীৰ সহায়ত উচ্চৰক্তচাপ আৰু বিষণ্ণতাৰ ৰোগত সুফল লাভ কৰিছে৷ উক্ত স্বাস্থ্যকেন্দ্রত ৰাগভৈৰৱী, তোৰী আৰু ৰাগ ললিত থেৰাপী হিচাপে প্রয়োগ হৈছিল৷ উল্লেখযোগ্য যে উক্ত খৈৰাগডত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয় অৱস্থিত৷ উক্ত বিশ্ববিদ্যালয়ত মিউজিক থেৰাপীৰ পি এইচ ডি ডিগ্রীৰ ৱস্থা আছে৷ এই প্রতিষ্ঠানখনৰ উপৰি পুডুচেৰীৰ মহাত্মা গান্ধী মেডিকেল কলেজ আৰু গৱেষণা প্রতিষ্ঠান, মুম্বাইৰ মেট ইনষ্টিটিউট অৱ অলটাৰনেটিভ, পঞ্জাবৰ ৰয়ত বহ্ৰা বিশ্ববিদ্যালয়, চেন্নাই স্কুল অৱ মিউজিক থেৰাপী আদি শৈক্ষিক প্রতিষ্ঠানত মিউজিক থেৰাপী পাঠ্যক্রমৰ ব্যৱস্থা আছে৷
ৰাগে দূৰ কৰে ৰোগ৷ বিজ্ঞানসন্মতভাৱে এই কথা ইতিমধ্যে প্রমাণিত হৈছে৷ অৱশ্যে ৰাগৰ লগতে উচিত আহাৰ–বিহাৰ আচাৰ–বিচাৰ, ডাক্তৰৰ উপদেশ আদিও গভীৰভাৱে জডিত৷ ইয়াৰ উপৰি সঠিক সময়ত সঠিক ৰাগ পৰিৱেশন, ৰোগ অনুযায়ী নির্ধাৰিত ৰাগ পৰিৱেশন, স্বৰ, তাল, মান, লয় সকলোবিলাক উৎকৃষ্ট হ’লেহে থেৰাপী হিচাপে ইয়াৰ প্রয়োগ প্রভাৱশালী হ’ব৷
নিখিল বিশ্বত তমান নিদ্রাহীনতাৰ সমস্যাটো খুবেই ডাঙৰ সমস্যা৷ ভাৰত্বর্ষতো দিনকদিনে এই সমস্যাই জনস্বাস্থ্যৰ দিশত গভীৰ কু–প্রভাৱ পেলাইছে৷ ভাৰত্বর্ষৰ ৯৩ শতাংশ লোক নিদ্রাহীনতাৰ বিভিন্ন পর্যায়ৰ সৈতে যুঁজি আছে৷ এটি সমীক্ষাত প্রকাশ যে ৭২ শতাংশ ভাৰতীয়ই ৰাতি ৩/৪ বাৰ নিদ্রাৰ পৰা উঠে৷ পেছাদাৰী জীৱনত অতিৰিক্ত মানসিক চাপ, ৰাতি দেৰিলৈকে ম’বাইল–লেপটপ আদিৰ ৱহাৰ, আনৰ সৈতে ঈর্ষাকেন্দ্রিক প্রতিযোগিতামূলক দৌৰ আদি নেত্বিাচক ঘটনাই নিদ্রাহীনতা সমস্যা মাৰাত্মকভাৱে ঢ়াই তুলিছে৷ মিউজিক থেৰাপীৰ সফল প্রয়োগে নিদ্রাহীনতাৰ সমস্যা দূৰ কৰ্বি পাৰে৷ নিদ্রাহীনতাৰ লগতে ডিপ্রেছনো বিশ্ব্ব্যাপী এক মাৰাত্মক সমস্যা৷ দুয়োৰে আন্তঃসম্পর্কও আছে৷ ৰবীন্দ্র ভাৰতী বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ গৱেষকদ্বয় জয়ন্ত সৰকাৰ আৰু উৎপল বিশ্বাসে‘Indian classical ragas to cure diseases’ শীর্ষক গৱেষণা পত্রিকাত প্রকাশ কৰিছে যে কাফি, খমাজ আৰু বাগেশ্রী ৰাগ নিদ্রাহীনতা সমস্যা দূৰীকৰণৰ াবে অতি উত্তম৷ আনহাতে, ভীমপলসী ৰাগৰ দ্বাৰা বিষণ্ণতা দূৰ হয়৷ উক্ত গৱেষণা পত্রিকাত প্রকাশ যে অহিৰ ভৈৰৱ ৰাগৰ জৰিয়তে উচ্চ ৰক্তচাপ, দহজম, ভীমপলসী ৰাগেৰে উচ্চৰক্তচাপ, মানসিক উদ্বিগ্ণতা, বিষণ্ণতাবোধৰ চিকিৎসা কৰা হয়৷ কেদাৰ ৰাগে এজমা, মূৰৰ বিষ নিয়ন্ত্রণত সহায় কৰে৷ জৌনপুৰী ৰাগ কোষ্ঠকাঠিন্য, গেছৰ সমস্যা দূৰীকৰণ সহায় কৰে৷ অজীর্ণ আৰু হাইপাৰ এছিডিটী নির্মূলৰ বাবে মাৰৱা ৰাগৰ প্রয়োগ ফলপ্রসূ৷ দুর্গা ৰাগে নার্ভত ইত্বিাচক প্রভাৱ পেলায়৷ মধুৱন্তী ৰাগে অর্শ ৰোগ নিৰাময়ত সহায় কৰে৷ আর্থ্রাইটিছ ৰোগত ৰাগ বয়মন ব্যৱহূত হয়৷ শ্রী ৰাগ চর্দি, কাহ নিৰাময়ত সহায়ক হয়৷ ললিত ৰাগে মানসিক শান্তি প্রদান কৰে৷ পেলিয়েটিভ কেয়াৰ আৰু সংকল্প শক্তি বৃদ্ধিৰ ক্ষেত্রত মিউজিক থেৰাপী এক অনুপম পদ্ধতি৷
সংগীতৰ ইতিবাচক মন–দৈহিক প্রভাৱৰ বিষয়ে ইতিমধ্যে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত বিভিন্ন গৱেষণা সম্পন্ন হৈছে৷ প্রাচ্যৰ বাদে পাশ্চাত্যৰো বিভিন্ন ঠাইত গঢ়ি উঠিছে মিউজিক থেৰাপী প্রশিক্ষণ আৰু চিকিৎসা কেন্দ্র৷ ষ্টেট ইউনিভার্ছিটী অৱ নিউয়র্ক, ৱেষ্টার্ন ছিডনী ইউনিভার্ছিটী, মেলবর্ন ইউনিভার্ছিটী, মিছিগান ষ্টেট ইউনিভার্ছিটী আদি হৈছে বিশ্বমানৰ মিউজিক থেৰাপী পাঠ্যক্রম প্রদান কৰা কেইখনমান পাশ্চাত্যৰ শিক্ষানুষ্ঠান৷