নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুদক্ষ অভিনেতা মনোজ বাজপেয়ীৰ মাতৃ গীতা দেৱীৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ: ৰাষ্ট্রীয় চলচ্চিত্র শ্রেষ্ঠ অভিনেতাৰ বঁটা বিজয়ী সুদক্ষ অভিনেতা মনোজ বাজপেয়ীৰ মাতৃ গীতা দেৱীৰ আজি মেক্স পুষ্পাঞ্জলি হাস্পতালত পৰলোকপ্রাপ্তি হয়৷ বিগত ২০ দিন ধৰি হাস্পতালত চিকিৎসাধীন হৈ থকা গীতা দেৱীৰ ৮০ বছৰ বয়সত আজি পুৱা ৮.৩০ বজাত বিয়োগ ঘটা বুলি অভিনেতাজনৰ মুখপাত্রই প্রকাশ কৰিছে৷ নিজৰ জীৱনৰ শক্তিস্তম্ভ ৰূপত মাতৃ গীতা দেৱীক শ্রদ্ধা কৰা মনোজ বাজপেয়ী মাতৃৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে৷ উল্লেখ্য যে বিগত বর্ষৰ অক্টোবৰ মাহত মনোজ বাজপেয়ীয়ে তেওঁৰ পিতৃ আৰ কে বাজপেয়ীক হেৰুৱাইছিল৷ মাতৃ গীতা দেৱীয়ে মৃত্যুৰ সময়ত তিনি সন্তান আৰু তিনি কন্যাক ইহসংসাৰত এৰি যায়৷ সমান্তৰাল ছবিৰ পৰা বাণিজ্যিক ছবিলৈকে অনবদ্য অভিনয়েৰে দর্শকক মুগ্ধ কৰা মনোজ বাজপেয়ীৰ মাতৃৰ বিয়োগৰ বতৰা লাভ কৰাৰ পাছতে বলীউডৰ শিল্পী, কলাকুশলীসকলে অভিনেতাগৰাকীলৈ শোকবার্তা–সমবেদন জ্ঞাপন কৰিছে৷

You might also like