নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলন আছিল নাটক !

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা বিজেপি সাংসদ অনন্তকুমাৰ হেগ্রেই মহাত্মা গান্ধীৰ স্বাধীনতা সংগ্রামক এক নাটক আছিল বুলি মন্তব্য কৰা ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ শনিবাৰে বাংগালুৰুত এক ৰাজহুৱা অনুষ্ঠানত অংশগ্রহণ কৰি নেতাগৰাকীয়ে কয় যে মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলন আছিল ব্রিটিছৰ সমর্থন তথা নির্দেশত চলা এক সংগ্রাম৷ গতিকে এই স্বাধীনতা সংগ্রাম এক নাটক আছিল বুলি নেতাগৰাকীয়ে অভিহিত কৰিছে৷ এনে নাটকৰ নেতৃত্ব দিয়া নেতা এগৰাকীয়ে কেনেদৰে মহাত্মা হ’ব পাৰে বুলিও প্রশ্ণৰ অৱতাৰণা কৰিছে অনন্তকুমাৰ হেগ্রেই৷ বিভিন্ন সময়ত বিতর্কিত মন্তব্যৰে দেশৰ ৰাজনীতিত অস্থিৰতা সৃষ্টি কৰি অহা বিজেপিৰ এই বহুবল্কী নেতাজনে মহাত্মাবিৰোধী মন্তব্যৰ পিছতে নেতাগৰাকীক উভতি ধৰিছে কংগ্রেছে৷ অনন্তকুমাৰ হেগ্রেৰ মতে মহাত্মাৰ দৰে নেতাসকল এবাৰো ব্রিটিছ আৰক্ষীৰ দ্বাৰা প্রহূত হোৱা নাছিল৷ গতিকে তেওঁলোকৰ স্বাধীনতা সংগ্রাম প্রকৃত নাছিল বুলি উল্লেখ কৰিছে হেগ্রেই৷ নেতাগৰাকীৰ এই মন্তব্যৰ পিছতে কংগ্রেছ মুখপাত্র জয়বীৰ শ্বেৰগীলে উল্লেখ কৰিছে যে ব্রিটিছৰ ভেৰোণীয়া কেডাৰৰ পৰা মহাত্মা গান্ধীক কোনো প্রমাণ–পত্রৰ প্রয়োজন নাই৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে শ্বেৰগীলে মন্তব্য কৰিছে যে বিজেপিয়ে দলটোৰ নাম সলনি কৰি ‘নাথুৰাম গড্ছে পার্টী’ ৰখাৰ এয়া উপযুক্ত সময়৷

You might also like