নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয়মূলৰ প্রাক্তন সেনা বিষয়া মাইকেল হোৰেৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ বিশ্বৰ আটাইতকৈ বিখ্যাত প্রাক্তন বেতনভোগী সেনা বিষয়া মাইকেল হোৰেৰ দেহাৱসান ঘটিছে৷ ‘মেড মাইক’ ৰূপে পৰিচিত এশ বছৰীয়া হোৰেৰ মৃত্যুৰ তথ্য সদৰী কৰিছে পুত্র ক্রিছ হোৰেই৷ উল্লেখনীয় যে আইৰিছ দম্পতীৰ সন্তান হোৰেৰ জন্ম হৈছিল ভাৰতত৷ ১৯৬০ৰ দশকত কংগোত অভিযানৰ নেতৃত্ব লৈছিল এই সেনা বিষয়াগৰাকীয়ে৷ ১৯৮১ চনত এগৰাকী মেজৰ হিচাপে চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰা হোৰেক ছিচেলেছত এক ব্যর্থ অভ্যুত্থানৰ বাবেই কাৰাদণ্ড বিহা হৈছিল৷ দক্ষিণ আফ্রিকাৰ ডাৰবানৰ এক স্বাস্থ্য কেন্দ্রত হোৰেৰ দেহাৱসান ঘটাৰ লগে লগে এক অধ্যায়ৰ পৰিসমাপ্তি ঘটিছে৷ স্মর্তব্য যে দ্বিতীয় বিশ্বযুদ্ধত ব্রিটিছ সেনাৰ জোৱান হিচাপে অংশগ্রহণ কৰা হোৰেই মেজৰ পদবী লাভ কৰিছিল৷ ১৯৬৪ চনত কংগোত মইছে ছ’ম্বেৰ নেতৃত্বত চৰকাৰ গঠনৰ ক্ষেত্রত হোৰেৰ আছিল গুৰুত্বপূর্ণ ভূমিকা৷ হোৰেই ছিম্বা বিদ্রোহী সমর্থিত কমিউনিষ্টসকলৰ বিৰুদ্ধে দমনমূলক ব্যৱস্থা গ্রহণ কৰিছিল৷ উল্লেখনীয় যে হোৰেৰ জীৱন কাহিনীক লৈয়ে ১৯৭৮ চনত নির্মিত হৈছিল এখন বিখ্যাত ছবি ‘দ্য ৱাইল্ড গীচ’৷

You might also like