ঢকুৱাখনাৰ নৰোৱা সত্ৰত নৱবৰ্ষৰ পহিলা দিনটোত আগমন দেশী-বিদেশী দৰ্শনাৰ্থীৰ
নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ অজি নৱবৰ্ষৰ পহিলা জানুৱাৰী। আগন্তুক বছৰটোৰ বাবে আশিষ বিচাৰি এই বিশেষ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰ-দেৱালয় সমূহত ভিৰ কৰিছে ভক্তপ্ৰাণ ৰাইজে। অনুৰূপ দৃশ্য পৰিলক্ষিত হৈছে উত্তৰ অসমৰ অন্যতম বৈষ্ণৱপীঠ ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰীশ্ৰীবাসুদেৱ থান নৰুৱা সত্ৰ।প্ৰত্যাশিত ২০২৩ বৰ্ষৰ পহিলা দিনটোত অগণিত জনতাৰে পুনৰ এবাৰ জনঅৰণ্যলৈ পৰ্যবসিত হয় উত্তৰ পূব-ভাৰতৰ অন্যতম পুৰণি বৈষ্ণৱ পীঠস্থান ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ।পূৰ্বৰ দৰে আজিও পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা সৰু-বৰ কেইবাসহস্ৰ বাহনেৰে ঐতিহাসিক থানখনলৈ হাজাৰ-হাজাৰ লোকৰ আগমন ঘটাত ইয়াত বিৰ দি বাট বিচাৰি নোপোৱা অৱস্থাৰ সৃষ্টি হয়।শীতৰ ঠেৰেঙা লগা পুৱাই অগণন ভক্তই নিজৰ পৰিয়াল, আত্মীয়-স্বজনক লৈ এভাগ শৰাই,এগছি বন্তি ,ধূপ-নৈবদ্য আগবঢ়াই আশীষ লাভৰ আশাত শ্ৰী শ্ৰী বাসুদেৱ থানত উপস্থিত হৈ বাসুদেৱ গোসাঁইৰ আশীষ গ্ৰহণ কৰিলে ৰাজ্যৰ ভিন্ন প্ৰান্তৰপৰা অহা বিভিন্ন জাতি-জনগোষ্ঠীৰ অগণন ভক্তিপ্ৰাণ লোকে। নৱবৰ্ষই যাতে নিজ পৰিয়ালটোৰ লগতে ৰাজ্যখনলৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে তাৰেই কামনা কৰি ভক্ত প্ৰাণ ৰাইজ অথবা দৰ্শনাৰ্থীয়ে বাসুদেৱ থানলৈ আহি বাসুদেৱ গোসাঁইৰ আৰ্শীষ গ্রহণ কৰে। দুপৰীয়া ভাগত বিশেষ নাম কীৰ্ত্তনত ঐতিহ্যমণ্ডিত কীৰ্ত্তনঘৰৰ ভিতৰে বাহিৰে হাজাৰ হাজাৰ লোকে নাম-প্ৰসংগত ভাগ হৈ হৰি নাম কীৰ্ত্তনত মগ্ন হোৱা পৰিলক্ষিত হয়৷ইফালে পূৰ্বৰ দৰে বহু সংখ্যক লোকে বাসুদেৱ থানৰ সমীপত ঢকুৱাখনা-ঘূণাসুঁতি সংযোগী পথৰ কাষৰ হালধীয়া সৰিয়হৰ দলিছাৰ কাষত পৰিয়াল তথা আত্মীয় স্বজনৰ সৈতে একেলগে এসাঁজ খাই ইংৰাজী নতুন বছৰৰ আনন্দ উপভোগ কৰাৰ বিপৰীতে একাংশই আকৌ ঘৰৰে পৰা খাদ্য সামগ্ৰী লগত লৈ আনি সেই ঠাইতে লগে ভাগে আনন্দৰে খাই বৈ গীতে মাতে নাচি বাগি আনন্দ স্ফুৰ্টিত মতলীয়া হৈ পৰে।
প্ৰেৰক পুলকজ্যোতি বৰা