নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইচ্ছা কৰিলেই খেলুৱৈক আইপিএলত খেলাব নোৱাৰিব ফ্রেঞ্চাইজীয়ে

বিশেষ বাৰ্তা, ২ জানুৱাৰীঃ আইপিএলত ভাৰতীয় ক্রিকেটাৰসকলে খেলাৰ ক্ষেত্রত নতুন নীতি–নিয়ম বান্ধি দিলে ভাৰতীয় ক্রিকেট ব’র্ডে৷ ইচ্ছা কৰিলেই যিকোনো ক্রিকেটাৰক খেলাব নোৱাৰিব ফ্রেঞ্চাইজীসমূহে৷ তাৰ বাবে মানিব লাগিব নিয়ম৷ ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ভাৰতীয় ক্রিকেটাৰসকলৰ মাজত এনে কিছু ক্রিকেটাৰ আছে, যিসকল অধিক আঘাতপ্রৱণ৷ প্রতিবছৰে আইপিএল খেলাৰ সময়ত তেওঁলোকে আঘাতপ্রাপ্ত হয়৷ ফলত দেশৰ হৈ তেওঁলোকক পোৱা নাযায়৷ পৰৱর্তী সময়ত যাতে তেনে নহয়, তাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে৷ ব’ডৰ ফালৰ পৰা জনাইছে যে যিসকল ভাৰতীয় ক্রিকেটাৰ অধিক আঘাতপ্রৱণ, তেওঁলোকৰ ফালে দৃষ্টি ৰাখিব লাগিব সংশ্লিষ্ট ফ্রেঞ্চাইজী আৰু ৰাষ্ট্রীয় ক্রিকেট একাডেমীয়ে৷ তেওঁলোকেই ঠিক কৰিব কোনজন ক্রিকেটাৰক কেইখন মেচত জিৰণি দিয়া হ’ব৷ দেশৰ হৈ যাতে তেওঁলোকক পোৱা যায়, তাৰ বাবেই এইদৰে জিৰণি দি খেলোৱা হ’ব এইসকল ক্রিকেটাৰক৷ ব’ডৰ বৈঠকত উপস্থিত আছিল ব’ৰ্ডৰ সভাপতি ৰজাৰ বিন্নি, সচিব জয় শ্বাহ, প্রাক্তন নির্বাচক কমিটীৰ মুৰব্বী চেতন শর্মা, ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শর্মা আৰু প্রশিক্ষক ৰাহুল দ্রাবিড়৷ এই বৈঠকতে ভাৰতীয় ক্রিকেটাৰসকলৰ খেল সম্পর্কত বিস্তাৰিত আলোচনা কৰা হয়৷ উল্লেখ্য যে ২০২২ চনত আঘাতৰ বাবে কেইবাজনো ক্রিকেটাৰে দীর্ঘ সময় ৰাষ্ট্রীয় দলৰ হৈ খেলিব পৰা নাছিল৷ ইয়াৰ পুনৰাবৃত্তি বিচৰা নাই ভাৰতীয় ক্রিকেট ব’র্ডে৷ এই মুহূর্তত ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ দৃষ্টিত আছে চাৰিগৰাকী ক্রিকেটাৰ৷ তেওঁলোক হ’ল যশপ্রীত বুমৰাহ, দীপক চহৰ, ৰবীন্দ্র জাদেজা আৰু ৱাশ্বিংটন সুন্দৰ৷ এই চাৰিগৰাকী ক্রিকেটাৰে বাৰে বাৰে আঘাতপ্রাপ্ত হোৱা বাবে এছিয়া কাপ আৰু টি–২০ বিশ্বকাপৰ সময়ত কঠিন সমস্যাৰ সন্মুখীন হৈছিল ভাৰত৷ সেয়া যাতে পুনৰ নহয়, তাৰ বাবে ৰাষ্ট্রীয় ক্রিকেট একাডেমীক অতিৰিক্ত দায়িত্ব প্রদান কৰিছে ব’র্ডে৷ ইয়াৰ উপৰি ফ্রেঞ্চাইজীসমূহেও নিজৰ দলৰ ক্রিকেটাৰসকলৰ ওপৰত দৃষ্টি ৰাখিব লাগিব৷ কোনো খেলুৱৈৰ ওপৰত অতিৰিক্ত চাপ দিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে ভাৰতীয় ক্রিকেট ব’র্ডে।

You might also like