নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ সমালোচনাৰ প্রত্যুত্তৰ দি বিজেপিক প্রকৃত গান্ধীভক্ত আখ্যা মন্ত্রী যোশীৰ

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ সাংসদ অনন্তকুমাৰ হেগ্রেই মহাত্মা গান্ধীৰ স্বাধীনতা সংগ্রাম এক নাটক আছিল বুলি আখ্যা দিয়া ঘটনাক কেন্দ্র কৰি দেশজুৰি উত্তপ্ত অৱস্থা অব্যাহত থকাৰ সময়তে মঙলবাৰে লোকসভাত সংসদীয় পৰিক্রমা মন্ত্রী প্রহ্লাদ যোশীয়ে হেগ্রেক সুৰক্ষা প্রদানৰ প্রচেষ্টা চলায়৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে অনন্তকুমাৰ হেগ্রেই মহাত্মাৰ নাম এইক্ষেত্রত উল্লেখ কৰা নাই বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ গতিকে হেগ্রেই এই কার্যৰ বাবে ক্ষমা খোজাৰ প্রশ্ণ আহি পৰা নাই বুলি যুক্তি দর্শায় যোশীয়ে৷ কংগ্রেছ নেতা অধীৰৰঞ্জন চৌধুৰীয়ে লোকসভাত হেগ্রেৰ বিৰুদ্ধে ক্ষুৰধাৰ মন্তব্য আগবঢ়োৱাৰ সময়তে যোশীয়ে কয় যে বিজেপি নেতাসকল প্রকৃত গান্ধীভক্ত৷ এইক্ষেত্রত জাতিৰ জনক মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তীত বিজেপিয়ে ডেৰশ কিলোমিটাৰ কৰা পদযাত্রা উলিওৱাৰ বিষয়টো প্রসংগক্রমে উল্লেখ কৰে প্রহ্লাদ যোশীয়ে৷ লক্ষণীয়ভাৱে হেগ্রেই স্বাধীনতা সংগ্রামৰ প্রসংগত মহাত্মাৰ নাম উল্লেখ কৰা নাছিল বুলি ঘোষণা কৰাৰ পিছতো কংগ্রেছ সাংসদসকলে নেতাগৰাকীৰ বিৰুদ্ধে প্রতিবাদ অব্যাহত ৰাখিছে৷

You might also like