নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাণঘাতী ঠাণ্ডা : কানপুৰত হৃদৰোগ-মগজুৰ ষ্ট্ৰোকত ২৪ ঘণ্টাত ২৫জনৰ মৃত্যু

বিশেষ বাৰ্তা, ৬ জানুৱাৰীঃ দেশৰ বহু ৰাজ্যত ঠাণ্ডা হৈ পৰিছে প্ৰাণঘাতী। ৰাজধানী দিল্লীৰ সৰ্বনিম্ন উষ্ণতা ১.০৮ ডিগ্ৰী। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি শুকুৰবাৰে পুৱা দিল্লীৰ দৃশ্যমানতা মাত্ৰ ১৫০ মিটাৰ পৰ্যন্ত আছিল। আনহাতে ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড় আৰু উত্তৰ প্ৰদেশৰ কিছুমান অঞ্চলত ঘন পৰা অতি ঘন কুঁৱলীৰ সম্ভাৱনা আছে। একে সময়তে তীব্ৰ ঠাণ্ডাৰ বাবে কানপুৰত হৃদৰোগৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। কানপুৰৰ হাৰ্ট ইনষ্টিটিউটত হঠাৎ বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা। বৃহস্পতিবাৰে ২৪ ঘন্টাত প্ৰতিষ্ঠানটোত ৭জন ৰোগীৰ মৃত্যু হয়। কানপুৰ চহৰত হাৰ্ট এটেক আৰু ব্ৰেইন ষ্ট্ৰোকৰ ফলত ২৫ জন ৰোগীৰ মৃত্যু। হাৰ্ট ইনষ্টিটিউটৰ তথ্য অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত ৭২৩জন ৰোগীক চিকিৎসাৰ বাবে অনা হয়। ইয়াৰে ৪০জন ৰোগীৰ অৱস্থা সংকটজনক আৰু ভৰ্তি হ’বলগীয়া হৈছিল। বৃহস্পতিবাৰে ৩৯জন ৰোগীক অপাৰেচন থিয়েটাৰলৈ নিবলগীয়া হৈছিল। চিকিৎসালয়ত চিকিৎসাৰ সময়ত ৭জন ৰোগীৰ মৃত্যু হৈছে। ক’বলৈ গ’লে ২৪ ঘন্টাত ২৫জন ৰোগীৰ হাৰ্ট এটেক আৰু ব্ৰেইন ষ্ট্ৰ’কত মৃত্যু হয়। বহু ৰোগীয়ে চিকিৎসালয়তো উপস্থিত হ’ব নোৱাৰি চিকিৎসাৰ পূৰ্বেই মৃত্যুক সাৱটি লয়। বিশেষজ্ঞসকলৰ মতে তীব্ৰ ঠাণ্ডাত ৰক্তচাপ বৃদ্ধি পায়, যাৰ বাবে ধমনীত তেজ জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এই কাৰণেই এই সময়ছোৱাত হৃদযন্ত্ৰ আৰু মগজুৰ ষ্ট্ৰোকৰ ঘটনা অধিক হয়। তাৎক্ষণিক চিকিৎসা নকৰিলে তেনে ক্ষেত্ৰত ৰোগীৰ মৃত্যুও হ’ব পাৰে। আগন্তুক কেইদিনমানৰ বাবে মানুহে অতি সাৱধান হোৱাটো প্ৰয়োজন। বতৰ বিজ্ঞান বিভাগে আগন্তুক কেইদিনমানৰ বাবে ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু বিহাৰত শীতল ঢৌৰ সম্ভাৱনা প্ৰকাশ কৰিছে। একে সময়তে আগন্তুক ২৪ ঘন্টাত মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰতো লঘু বৰষুণ হ’ব পাৰে।

You might also like