নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৱাল মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰা

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ লাহোৱাল মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ আজি অন্তিম দিন। জয়ন্তী উপলক্ষত আজি দিনৰ ভাগত উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাত প্ৰদৰ্শিত অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিয়ে সকলো দৰ্শককে আপ্লুত কৰি তোলে। ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে আনুষ্ঠানিকভাৱে শোভাযাত্ৰাখনিৰ শুভ উদ্বোধন কৰে। লাহোৱাল মহাবিদ্যালয় প্ৰাংগনৰ পৰা বাহিৰ হোৱা এই শোভাযাত্ৰাই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেদি বকুল হৈ ডিব্ৰুগড় বাইপাছ হৈ পুনৰ মহাবিদ্যালয়ত সামৰণী পৰে। উল্লেখ্য যে ১৯৯৫ চনত প্ৰতিষ্ঠা লাভ কৰিছিল ডিব্ৰুগড়ৰ লাহোৱালৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান লাহোৱাল মহাবিদ্যালয়ে।ইয়াৰ পৰৱৰ্তী সময়ছোৱাত মহাবিদ্যালয়ে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ মুকলি কৰি শিক্ষা অধ্যয়নৰ ক্ষেত্ৰত এক নতুনৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছে। সমান্তৰালকৈ ১৫০০ কম্পিউটাৰ চেন্টাৰ মুকলি কৰি মহাবিদ্যালয়খনে উত্তৰ-পূবৰ ভিতৰতে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।

প্ৰেৰক কাঞ্চন জ্যোতি গোহাঁই

You might also like