বেজেৰাৰ মহৰ্ষি পাব্লিক স্কুলত প্ৰাক্-ভোগালী বিহু উদযাপন
নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক মানসিক আৰু বৌদ্ধিক দিশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা কামৰূপৰ বেজেৰাৰ সমীপৰ খেহেনীপাৰাস্থিত ইংৰাজী মাধ্যমৰ আগশাৰীৰ শিক্ষানুষ্ঠান মহৰ্ষি পাব্লিক স্কুলত আজি উলাহ মালহৰে প্ৰাক ভোগালী বিহু উদযাপন কৰা হয়। বিদ্যালয়ৰ প্ৰাঙ্গণত ব্যতিক্ৰম ভাবে মেজিৰ সৈতে বিহুৰ মঞ্চ পাতি অনুষ্ঠিত কৰা অনুষ্ঠানত প্ৰথমে মেজিৰ ওচৰত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ অধ্যক্ষা ৰেচমা বড়াই। ইয়াৰ পিছত শিক্ষক হীৰক ডেকা আৰু হীৰক শৰ্মাই আত ধৰা সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী সকলে বিহুগীত -বিহুনৃত্য আদি প্ৰদৰ্শন কৰাৰ লগতে ভোগালী বিহু সম্পৰ্কে আলোকপাত কৰে। অনুষ্ঠানত সদ্য সমাপ্ত ৰাষ্ট্ৰীয় টাং-ছু-ডু প্ৰতিযোগিতাত বিদ্যালয়ৰ পৰা ভাগ লোৱা তথা পদক প্ৰাপ্ত প্ৰতিযোগীক সম্বৰ্ধনা জনোৱাৰ লগতে অসম কিডছ উৎসৱ চিজন ৬ ত আধুনিক নৃত্যত বিদ্যালয়ৰ পৰা তিনিওটা পদক দখল কৰা তথা হিন্দী গীতত প্ৰথম স্থান পোৱা ছাত্ৰ ছাত্ৰী সকলক সন্মানিত কৰা হয়। অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলে ভোগালী জলপান শীৰ্ষক সু-স্বাস্থ্য ব্যঞ্জনৰে ইজনে সিজনৰ লগত ভাগ বতৰা কৰি সমূহীয়াকৈ আহাৰ গ্ৰহণ কৰে। অনুষ্ঠানত আৰুচ ৱেলফাৰ ছ’ছাইটিৰ ফালৰ সম্পাদক নিবাৰণ চন্দ্ৰ ডেকা উপ সভাপতি ডিম্বেশ্বৰ কেওঁট সদস্য ভাস্কৰ প্ৰতীম বেজবৰুৱাসহ ছাত্ৰ ছাত্ৰী সকল শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী বৃন্দ উপস্থিত থাকি প্ৰাক ভোগালী বিহু উদযাপন কৰে।
প্ৰেৰক হীৰকজ্যোতি ডেকা