স্মৃতিৰে সজীৱ হৈ থকা নগাঁও জিলা পুথিভঁৰালৰ চলন্ত পুথিভঁৰাললৈ আহিছে অশনি সংকেত
পুথিভঁৰাল সেৱা সঞ্চালকৰ দ্বাৰা জিলা কৰ্তৃপক্ষলৈ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
নিয়মীয়া বাৰ্তা,১৮জানুৱাৰীঃ মানৱ জীৱনত গ্ৰন্থ অধ্যয়নৰ মহত্ব আৰু প্ৰয়োজনীয়তাৰ কথা নিশ্চয়কৈ ব্যাখ্যা কৰাৰ কোনো কাৰণ নাই ৷ একালত এই মূল্যবান গ্ৰন্থ সমূহৰ সুগন্ধি সুৱাস গাঁৱে-ভূঞে বিলাই গ্ৰন্থৰ প্ৰতি ছাত্ৰ-ছাত্ৰী কিম্বা সাধাৰণ মানুহক আকৰ্ষিত কৰিব পৰাকৈ “অসম ৰাজ্যিক চৰকাৰৰ চলন্ত পুথিভঁৰালে” সৰ্বত্ৰতে এক সুদূৰপ্ৰসাৰী ভূমিকা গ্ৰহণ কৰিছিল ৷ তেনে মধুৰ স্মৃতি বিজড়িত নগাঁও জিলা পুথিভঁৰালৰ এক আপুৰুগীয়া সম্পদ “চলন্ত পুথিভঁৰাল”লৈ শেহতীয়াকৈ যেন আহিব ধৰিছে এক অশনি সংকেত ৷ঐতিহ্য বহনকাৰী চলন্ত পুথিভঁৰালৰ জীৱনৰেখা অস্তাকাশৰ দৰে ঘটাৰ উপক্ৰম হৈছে ৷ ৰাজ্য চৰকাৰে নিলামত বিক্ৰী কৰিবলৈ সাজু হৈছে এই চলন্ত পুথিভঁৰালক ।বৰ্তমান সময়ত চৰকাৰৰ দৃষ্টিত এই চলন্ত পুথিভঁৰাল নামৰ বিশেষ বাহনখন এখন অকামিলা সাধাৰণ বাহন হ’লেও নগঞা ৰাইজৰ বাবে ই এক হিয়াৰ আপোন আদৰৰ আপুৰুগীয়া সম্পদ হৈয়ে আছে । জিলাখনৰ গ্ৰাম্যাঞ্চলৰ গ্ৰন্থপ্ৰেমী ৰাইজৰ আবেগ, অনুভূতি, স্মৃতি আদি সজীৱ হৈ আছে এই চলন্ত পুথিভঁৰালখনৰ লগত ।
গুৰুত্বপূৰ্ণ যে ,ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ কাৰ্যকালত অসম চৰকাৰে এক মহৎ উদ্দেশ্য সাধনৰ হেতু ষাঠিৰ দশকতে নগাঁও জিলা পুথিভঁৰাল কৰ্তৃপক্ষক যোগান ধৰিছিল “অসম ৰাজ্যিক চৰকাৰৰ চলন্ত পুথিভঁৰাল”নামেৰে এখন বিশেষ বাছ। আচলতে এই বিশেষ বাছ খনেই আছিল এক ভ্ৰাম্যমাণ পুথিভঁৰাল। বৃহৎ জিলাখনৰ গ্ৰাম্যাঞ্চলত গঞা ৰাইজৰ মাজত পাঠক সৃষ্টিৰে গ্ৰন্থৰ প্ৰতি মানুহক অনুৰক্ত কৰা, গ্ৰন্থ বিপ্লৱৰ সূচনাৰে অধ্যয়নৰ সুস্থিৰ পৰিবেশ ৰচনা কৰাৰ সমান্তৰালভাৱে শিশু-কিশোৰৰ মাজত কিতাপ পঢ়ি জগত চিনা আৰু জগত জিনাৰ বাসনা জগাই তোলাৰ উদ্দেশ্যৰেই চলন্ত পুথিভঁৰালৰ ব্যৱস্থা কৰা হৈছিল। চলন্ত পুথিভঁৰাল নামৰ বিশেষ বাছ খনত জাপে-জাপে কিতাপ লৈ গাঁৱে-ভূঞে, নগৰে-চহৰে ভ্ৰাম্যমাণ ৰূপত ঘূৰি ফুৰা হৈছিল। অৱশ্যে সময় গতিৰ ছন্দায়িত লহৰত এই চলন্ত পুথিভঁৰাল নামৰ বিশেষ বাহনখন তত্বাৱধান আৰু মেৰামতিৰ অভাৱত অকামিলা হৈ পৰে যদিও বিশেষ ঐতিহ্য বহন কৰা চলন্ত পুথিভঁৰাল নামৰ এই বাছ খনক কিন্তু কোনো এখন চৰকাৰেই বিক্ৰী কৰিবলৈ মন মেলা নাছিল । বিপৰীতে নগাঁও জিলা পুথিভঁৰালৰ সন্মুখত এখন টিনৰ চালিৰ তলত বাছখন সযত্নে আটোমটোকাৰিকৈ সংৰক্ষণ কৰিহে ৰখা হৈছিল। যাৰ ফলত বছৰ-বছৰ ধৰি সেই স্থানতেই আছিল চলন্ত পুথিভঁৰাল নামৰ বাছখন। সম্প্ৰতি অসম চৰকাৰে এই চলন্ত পুথিভঁৰালখন নিলামত বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত সঞ্চালক দীনামণি দাসে মেমো নম্বৰ SLA12/car Auction/2022-23/439 তাৰিখ ১৯-১১-২০২২মৰ্মে নগাঁও জিলা পুথিভঁৰালৰ পুথিভঁৰালীলৈ এক পত্ৰ প্ৰেৰণ কৰি নগাঁও জিলা পুথিভঁৰালত অব্যৱহৃত বাহনসমূহৰ সন্দৰ্ভত জিলা উপায়ুক্তক অধ্যক্ষ হিচাপে লৈ এখন নিলাম বিক্ৰী সমিতি গঠন কৰি বাহনৰ নিলামৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।নিৰ্দেশনাটোত নগাঁও জিলা পুথিভঁৰালত পৰি থকা চলন্ত বাহনৰ নিলামৰ কথা স্পষ্টকৈ উল্লেখ নাই যদিও জিলা পুথিভঁৰালত অব্যৱহৃত বাহন এখনেই আছে আৰু সেইখনেই হৈছে ঐতিহ্য বহনকাৰী ‘অসম ৰাজ্যিক চৰকাৰ চলন্ত পুথিভঁৰাল’।
অসম চৰকাৰে নগাঁও জিলা পুথিভঁৰালৰ চলন্ত পুথিভঁৰাল নামৰ ঐতিহ্য বহনকাৰী বিশেষ বাছ খন নিলামত বিক্ৰী কৰিবলৈ পুথিভঁৰাল সেৱা সঞ্চালকৰ জৰিয়তে জিলা পুথিভঁৰালৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়া বিষয়টো পোহৰলৈ অহাত নগাঁৱৰ শৈক্ষিক, সামাজিক কিম্বা বৌদ্ধিক মহলত বেদনাৰ ছাপ সৃষ্টি হোৱাহে পৰিলক্ষিত হৈছে ৷ সচেতন লোকমাত্ৰেই ঐতিহ্যৰ মেটমৰা সম্ভাৰেৰে যুগ-যুগ ধৰি প্ৰস্তুৰ মূৰ্তিৰ দৰে আজিও একেস্থানতেই থকা চলন্ত পুথিভঁৰাল নামৰ বিশেষ বাহনখন বিজ্ঞান সন্মত ৰূপত সংৰক্ষণ কৰি পুৰণা লোহাৰ আদিৰ দৰে নিলামত বিক্ৰী নকৰিবলৈ চৰকাৰক আহ্বান জনাইছে । এই সন্দৰ্ভত শিশু বন্ধু খ্যাত সমাজকৰ্মী দুলাল বৰাই আজি ‘নিয়মীয়া বাৰ্তা’ক কয়,”জিলা পুথিভঁৰালৰ সন্মুখত বছৰ বছৰ ধৰি থকা চলন্ত পুথিভঁৰাল নামৰ বিশেষ বাহনখন এটা ভ্ৰাম্যমাণ পুথিভঁৰাল আছিল। এই পুথিভঁৰালটোৰ লগত নগঞা ৰাইজৰ বহু সোণসেৰীয়া স্মৃতি জড়িত হৈ আছে। গতিকে অন্যান্য পুৰণা লোহাৰ, টিং আদিৰ দৰে বিক্ৰী নকৰি উঠি অহা প্ৰজন্মৰ বাবে সুৰক্ষিত কৰি ৰখাটোহে প্ৰয়োজন।বৰাই পুনৰ কয়,’ যদি সঁচাকৈয়ে চলন্ত পুথিভঁৰালক নিলাম কৰা হয় মই সেইখন কিনাৰ চেষ্টা কৰিম। মোৰ সাধ্যানুসাৰে যদি কিনিব পাৰো তেতিয়াহ’লে চলন্ত পুথিভঁৰালক ঘৰৰ পদূলিতে শিশু সকলৰ লগতে পৰ্যটকৰ বাবে গাড়ীখন সযতনে সংৰক্ষণ কৰি ৰাখিম ৷’
(প্ৰেৰক-প্ৰাঞ্জল বৰদলৈ,বেবেজীয়া)