নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অঘটন; প্ৰসূতি বিভাগৰ চাদৰ পৰা জপিয়ালে ৰোগীৰ আত্মীয়ই

নিয়মীয়া বাৰ্তা, ২০জানুৱাৰী:  আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় মহলাৰ পৰা এজন ৰোগীৰ আত্মীয়ই জাপ দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ব্যক্তিজন হৈছে বোকাখাতৰ জিতুমনি দাস। ব্যক্তিজনে উল্লেখ কৰা মতে তেওঁক চিকিৎসা মহাবিদ্যালয়ত দুই , তিনিজন লোকে প্ৰহাৰ কৰাৰ ধমকি দিয়ে তাৰ পাছতেই ভীতিগ্ৰস্থ হৈ জাপ দিয়ে দ্বিতীয় মহলাৰ পৰা। এই সমগ্ৰ ঘটনা বন্দি হয় কেমেৰাত। ব্যক্তিজনে জপিওৱা প্ৰত্যক্ষ কৰি তিনিজন লোকে উদ্ধাৰ কৰাৰ বাবেই গুৰুত্বৰ আঘাত পোৱাৰ পৰা ৰক্ষা পৰে জিতুমণি। আনহাতে এই ঘটনা সংঘটিত হোৱাৰ পাছতেই সমগ্ৰ চিকিৎসা মহাবিদ্যালয়তে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইতিমধ্যে যোৰহাট আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আনহাতে আহত জিতুমনি দাসক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰি থকা কৰি আহিছে।
You might also like