নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কয়লাৰ চোৰাং বেহা বন্ধৰ দাবীৰে মাৰ্ঘেৰিটাত আটাছুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ চোৰাং কয়লাৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)। সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত ৰূপায়ণ কৰা কাৰ্যসূচীৰ যোগেদি মাৰ্ঘেৰিটা মহকুমাত চলি থকা চোৰাং কয়লাৰ খনন শীঘ্ৰে বন্ধৰ দাবী জনায়। আজি দিনৰ বাৰ বজাত মাৰ্ঘেৰিটা ব্লক তিনিআলিস্থিত ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চোৰাং কয়লা বন্ধৰ দাবীৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি মাৰ্ঘেৰিটা মহকুমাধিপতিৰ যোগেদি অসমৰ মূখ্যমন্ত্ৰী লৈ এখনী স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সন্থাৰ অভিযোগ যে, বুৰঞ্জী প্ৰসিদ্ধ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলত বিশেষকৈ স্বৰ্গদেউ চাওল্যুং চুকাফাই পাৰ হৈ অহা ঐতিহাসিক পাটকাই পৰ্ব্বতৰ বুকুত খননৰ দ্বাৰা অবাধ গতিত অবৈধ কয়লা আহৰণ অব্যাহত থকাৰ সমান্তৰালকৈ তীব্ৰ গতিত অব্যাহত আছে ব্যাপক বন ধ্বংস।ইয়াৰোপৰি এনে অবৈধ কয়লা খননৰ ফলত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিনষ্ট হোৱাৰ উপৰিও পাটকাই পাহাৰৰ অস্তিত্বৰ প্ৰতিও ভাবুকি আহি পৰিছে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অবৈধ খনন আৰু বন ধ্বংসৰোধৰ দাবী জনায়, অন্যথা ভৱিষ্যতে এনে অবৈধ কাৰ্যৰ বাবে আন্দোলনৰ ধাৰা অব্যাহত থাকিব বুলিও সকিয়াই দিয়ে সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সম্পাদক ক্ৰমে যতিন বুঢ়াগোহাঁই আৰু নয়ন বুঢ়াগোহাঁইয়ে। অন্যহাতে মৃত্যু উপত্যকালৈ পৰিণত লিডু অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিংত দেওবাৰে দুজনে লোক প্ৰাণ হেৰুৱাৰ তথ্য পোৱা গৈছে। সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কয়লা মাফিয়াই। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকন্ঠ অঞ্চলৰ পাটকাই পৰ্বতত এতিয়া চোৰাং কয়লা ব্যৱসায়ীৰ তাণ্ডৱ। লিডুৰ লালমাটিকে ধৰি বিভিন্ন অঞ্চলত গঢ়ি তোলা অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিংসমূহ এতিয়া মৃত্যুদূত সদৃশ। কেতিয়া আৰু কোন মুহুৰ্তত পেটৰ তাড়নাত এনে মৃত্যুদূত স্বৰূপ অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিঙত কৰ্মৰত শ্ৰমিকৰ মৃত্যু হয় কোনেও নাজানে। দেওবাৰৰ দিনদুপৰতে লিডুৰ লালমাটিৰ অবৈধ কয়লাখনিত অঘটন। অবৈধ কয়লাখনন কৰিবলৈ গৈ দুজনে প্ৰাণ হেৰুৱাৰ তথ্য পোহৰলৈ আহিছে। মাকুমৰ বিজয় মুণ্ডা আৰু পেঙেৰী চাহ বাগিছাৰ কৃষ্ণ গোৱালা। অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিং ত কাম কৰি থাকোতে বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যুমুখত পৰা বুলি এক বিশেষ সূত্ৰত প্ৰকাশ। উল্লেখ্য যে লিডু-মাৰ্ঘেৰিটাত এইয়া নতুন ঘটনা নহয়। এইদৰে অবৈধ কয়লাখনিত মৃত্যু হোৱা শ্ৰমিকৰ মৃতদেহ জেচিবিৰে গাত খান্দি পুতি ৰখা আৰু ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছত মৃতদেহ উদ্ধাৰ কৰি পৰিয়ালক গটাই দিয়াৰ দৰে ঘটনাও সংঘটিত হৈ গৈছে। এইদৰে একাংশ কয়লা মাফিয়াই শ শ অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিঙ গঢ়ি তুলি একাংশ কৰ্মহীন শ্ৰমিকক নিয়োজিত কৰি মৃত্যুৰ মুখলৈ ঢেলি দি আহিছে। এতিয়া প্ৰশ্ন হ’ল- অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিঙৰ অন্তৰালত কোন কোন জড়িত হৈ আছে, সেইয়া তদন্ত হ’বনে? আজি আটাছুৰ উত্তাল প্ৰতিবাদৰ পাছত আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like