নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰৱর্তী পাঁচ বছৰত প্রতিৰক্ষা ৰপ্তানি ৩৫,০০০ কোটিলৈ বৃদ্ধিৰ লক্ষ্য

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ লক্ষ্ণৌত বুধবাৰৰে পৰা পাঁচদিনীয়া কার্যসূচীৰে আৰম্ভ হোৱা ‘ডিফেন্স এক্সপ’–২০২০’ উদ্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ এই দ্বিবার্ষিক ডিফেন্স এক্সপ’ত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে কয় যে অহা পাঁচ বছৰৰ ভাৰতৰ প্রতিৰক্ষা ৰপ্তানি ৫ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে৷ আমাৰ মন্ত্র হ’ল ‘মেক ইন ইণ্ডিয়া’৷ ২০১৪ চনত ভাৰতৰ প্রতিৰক্ষা ৰপ্তানি আছিল প্রায় ২০০০ কোটি৷ যোৱা দুবছৰত এই পৰিমাণ ১৭,০০০ কোটিলৈ বৃদ্ধি পালে৷ অহা ৫ বছৰত এই ৰপ্তানিৰ পৰিমাণ ৫ বিলিয়ন আমেৰিকান ডলাৰৰ লক্ষ্য স্থিৰ কৰা হৈছে, সেয়া প্রায় ৩৫০০০ কোটি টকা৷’– প্রধানমন্ত্রী মোদীয়ে কয় এইদৰে৷

তেওঁ আৰু কয় যে চীফ অব্ ডিফেন্স ষ্টাফ পদ আৰু সামৰিক পৰিক্রমা বিভাগ সৃষ্টি দেশৰ সামগ্রিক প্রতিৰক্ষা উৎপাদনত সহায়ক হ’ব৷ আন্তঃৰাষ্ট্রীয় পর্যায়ত ভাৰত এখন বৃহৎ বজাৰেই নহয়, বিশ্বৰ বাবে সুবিশাল সুযোগৰ সৃষ্টি কৰিছে৷ মোদীয়ে প্রযুক্তিৰ দুর্ব্যৱহাৰ, সন্ত্রাসবাদ আৰু চাইবাৰ অপৰাধ বিশ্বৰ বাবে প্রত্যাহ্বান বুলি উল্লেখ কৰিছে৷

You might also like