মানুহৰ অন্তর্নিহিত জ্ঞানৰ পূর্ণতাই হ’ল শিক্ষা: দিগন্ত বিশ্ব শর্মা
নিয়মীয়া বার্তা, ৩১জানুৱাৰীঃ শিক্ষাত দুটা দর্শন আছে, এটাক কোৱা হয় যান্ত্রিক শিক্ষা আৰু আনটোক কোৱা হয় কর্মমুখী শিক্ষা৷ মই পণ্ডিত নহয়, মই যি কৰোঁ সমর্পণ কৰোঁ৷ মোৰ বত্তৃণতা আগতে নিচা আছিল, এতিয়া নহয়৷ আমি যদি আজিৰ শিক্ষাৰ লগতে ভাৰতীয় সনাতন শিক্ষাৰ তুলনা কৰোঁ, তেতিয়াহ’লে বহুত প্রভেদ দেখিবলৈ পাওঁ৷ অর্থাৎ দুয়োটা সুমেৰু আৰু কুমেৰু সদৃশ৷ আজিৰ শিক্ষা ব্যৱস্থাত পাশ্চাত্যই নিয়ন্ত্রণ কৰিছে৷ শিক্ষাক যেতিয়া আন কামত ব্যৱহাৰ কৰা হয়, তেতিয়া তাকে কোৱা হয় কর্মমুখী শিক্ষা৷ যোগ আৰু শিক্ষা দুয়োটাৰে ভ্রান্ত ধাৰণা লৈ আছোঁ৷ যোগ সদায় হতযোগৰ লগত যুক্ত হৈ আছে৷ গীতাত যোগ আৰু প্রাণায়ামৰ কথা কোৱা নাই৷ ঋষি অৰবিন্দৰ মতে, যদি কাৰোবাৰ প্রকৃত জ্ঞান আছে, তেন্তে তেওঁৰ কর্মসংস্থাপন সদায় আছে৷– এই মন্তব্য সাহিত্য অকাডেমি অনুবাদ বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাৰ৷ হাজো সুৰেন দাস মহাবিদ্যালয়ৰ আই কিউ এ চিৰ উদ্যোগত মহাবিদ্যালয়খনৰ মাধৱদেৱ ৰংগমঞ্চত আজি দিনৰ ১১ বজাত অনুস্থিত ‘শ্রীৰবিন্দৰ আলোকত ভাৰতৰ সনাতন শিক্ষাদৃষ্টি’ শীর্ষক এক আলোচনা–চক্রত সমল ব্যক্তি হিচাপে অংশগ্রহণ কৰি সাহিত্য অকাডেমি অনুবাদ বঁটা বিজয়ী দিগন্ত বিশ্ব শর্মাই এনেদৰে মন্তব্য কৰে৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ হিৰণ্য কুমাৰ শর্মাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা–চক্রৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি শ্রীৰামকৃষ্ণ, শ্রীবিবেকানন্দ আৰু শ্রীৰবিন্দৰ অনুৰাগী দিগন্ত বিশ্ব শর্মাই পুনৰ কয়– বর্তমান মানুহে দর্শন, সাহিত্য, সংস্কৃতিক মূল্য নিদিয়ে, কিন্তু শিক্ষা–দীক্ষাক মূল্য দিয়ে৷ মানুহ জীৱশ্রেষ্ঠ হয়নে নহয় মই নাজানো, কিন্তু মানুহ বৰ বুদ্ধিমান আৰু টেঙৰ৷ কোনোৱে বোলছবি এখন পৰিচালনা অথবা অভিনয় কৰিলে, সেইসকলক মানুহে সাংস্কৃতিক কর্মী বুলি স্বীকৃতি প্রদান কৰে৷ সমগ্র পৃথিৱীয়ে তেওঁলোকক সাংস্কৃতিক কর্মী বুলি স্বীকৃতি দিলেও মই কিন্তু সাংস্কৃতিক কর্মী বুলি স্বীকৃতি নিদিওঁ৷ মই তেওঁলোকক বিনোদনধর্মী বুলিহে ভাবোঁ৷ মহাবিদ্যালয়ৰ অধ্যাপক বিশ্বজিৎ কলিতাই আঁত ধৰা এই আলোচনা–চক্রতে ভাৰতৰ সনাতন শিক্ষাদৃষ্টিৰ ওপৰত বক্তব্য দি সাহিত্য অকাডেমি বঁটা বিজয়ী দিগন্ত বিশ্ব শর্মাই কয়– মই মোৰ ৰাষ্ট্রৰ শৰীৰ, মন, প্রাণ, আত্মাৰ সৈতে সঠিক সম্বন্ধ স্থাপন কৰিলোঁ৷ কাৰণ মোৰ ৰাষ্ট্র মানৱতাৰ এটা অবিচ্ছেদ্য অংগ৷ অর্থাৎ শিক্ষা ব্যৱস্থাৰ দায়িত্ব সমগ্র মানৱ জাতিৰ, সমগ্র বিশ্বৰ মন, প্রাণ, আত্মাৰ সৈতে শৈক্ষিক সম্বন্ধ স্থাপন কৰিব পাৰিব লাগিব, অন্তৰালত কি আছে সঠিককৈ জানিব লাগিব৷ মোৰ জীৱনৰ সমগ্র ঘটনাৰ সৈতে কি সম্পর্ক আছে, জীৱন গ্রহণ মই কিয় কৰিছেছা, সেইসমূহ উদ্দেশ্য মই প্রস্তুত কৰিব পাৰিব লাগিব৷ শ্রীৰবিন্দৰ শিক্ষা সম্পর্কিত ধাৰণা দার্শনিক চিন্তাধাৰাৰ দ্বাৰা বিশেষভাৱে প্রভাৱিত৷ তেওঁৰ দর্শন চিন্তাৰ মূল দিশ হ’ল মানুহ অথবা সমাজ৷ বর্তমানৰ শিক্ষা ব্যৱস্থাই শিক্ষার্থীতকৈ বিষয়বস্তুৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰে৷ এতিয়ালৈকে পৃথিৱীত শিক্ষা নীতিৰ পৰিৱর্তন হোৱা নাই, মাত্র পাঠ্যক্রমৰহে পৰিৱর্তন সাধিত হৈছে৷ আধুনিক শিক্ষা ব্যৱস্থা গঢ় লৈ উঠিছে তিনিটা বস্তুক কেন্দ্র কৰি৷ জ্ঞান আহৰণ, বস্তুৰ পৰিচয় আৰু বিষয় উৎপত্তি৷ আন এটা বিষয় বৃত্তিৰ উৎকর্ষক আধুনিক শিক্ষা ব্যৱস্থাই গুৰুত্ব দি আহিছে যদিও এই শিক্ষা সমগ্র নহয়৷ শিক্ষা ব্যৱস্থাৰ উৎস বত্তৃণতা, পুথিভঁৰাল আৰু বিশ্বকোষৰ দৰে ত্রুটি ব্যৱস্থাই বিদ্যার্থীৰ প্রতি দৃষ্টিপাত নকৰে৷ মানুহৰ অন্তর্নিহিত জ্ঞানৰ পূর্ণতাই হ’ল শিক্ষা৷ মহাবিদ্যালয়খনৰ উপাধ্যক্ষ আলী আকবৰ হুছেইন, অধ্যাপক–ধ্যাপিকা, ছাত্র–ছাত্রীসকলৰ উপস্থিতিত আলোচনা–চক্রৰ আৰম্ভণিতে ফুলৰ থোপা আৰু ফুলাম গামোচাৰে দিগন্ত বিশ্ব শর্মাক সম্বর্ধনা জনোৱা হয়৷