প্ৰীতি ক্ৰিকেট : কামৰূপ সাংবাদিক একাদশৰ বিৰুদ্ধে উপায়ুক্ত একাদশৰ বিশাল জয়
নিয়মীয়া বাৰ্তা, ৩১জানুৱাৰীঃ আজি আমিনগাঁও ক্ৰিকেট খেলপথাৰত প্ৰতিবছৰৰ দৰে এইবাৰো গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি কামৰূপ উপায়ুক্ত একাদশ বনাম কামৰূপ জিলা সাংবাদিক একাদশৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়। কামৰূপ উপায়ুক্ত একাদশে সুন্দৰ বেটিং কৰি নিৰ্ধাৰিত ১২ অভাৰত দুটা উইকেটৰ হেৰুৱাই ২২৮ ৰাণ সংগ্ৰহ কৰে। উপায়ুক্ত একাদশ ৰাহুল যাভিৰে ১১৭, গগনজ্যোতি নাথে ৫৫ আৰু বিক্ৰম দৈমাৰীয়ে ২২ ৰাণ সংগ্ৰহ কৰে। সাংবাদিক একাদশৰ হৈ বিপুল ডেকা আৰু মুকুটেশ্বৰ গোস্বামীয়ে ১টাকৈ উইকেট দখল কৰে। ২২৯ ৰাণ লক্ষ্য আগত ৰাখি সাংবাদিক একাদশকে নিৰ্ধাৰিত ১২ অভাৰত ৯ উইকেট হেৰুৱাই ১১৮ ৰাণ সংগ্ৰহ কৰে। সাংবাদিক একাদশৰ নিপন ডেকাই ৩৩, ৰূপকে বৈশ্যই ৩৬ আৰু মুকুটেশ্বৰ গোস্বামীয়ে অপৰাজিত ৩০ ৰাণ সংগ্ৰহ কৰে। উপায়ুক্ত একাদশৰ হৈ বিশ্ব আৰু বলিনে ৩ টাকৈ উইকেট দখল কৰে। ১১০ ৰাণৰ শতকীয় ইনিংছ খেলা উপায়ুক্ত একাদশৰ ৰাহুলক যাভিৰক মেন অফ দ্য মেছ বঁটাৰে সন্মানিত কৰা হয়।খেলৰ অন্তত বিজয়ী আৰু বিজিত দলক কামৰূপ জিলা উপায়ুক্ত কীৰ্থি জল্লীয়ে বঁটা প্ৰদান কৰে।
প্ৰেৰক হীৰকজ্যোতি ডেকা