নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত বন্যা ৰেচম কৃষি মেলা সম্পন্ন

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ মুগা আৰু এৰী পালকৰ কৃষি পদ্ধতিৰ জৰিয়তে অধিক উৎপাদন আৰু লাভজনক বাণিজ্য কৰিব পৰা বিষয়ৰ ওপৰত আলোকপাত কৰি আজি বকোত আয়োজন কৰে বন্যা ৰেচম কৃষি মেলা। কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ বকো কেন্দ্ৰৰ চৌহদত আয়োজন কৰা বন্যা ৰেচম কৃষি মেলাত মুগা-এৰি পালক তথা কৃষকক উদ্গনিমুলক পৰামৰ্শ প্ৰদান কৰে। অনুস্থানত মুগা আৰু এৰিৰ খেতি কৰি অধিক লাভবান হোৱা কৃষকক উদ্গনিমুলক বঁটা প্ৰদান কৰে। এৰি মুখা শিল্পক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ যত্নৱান কৰা প্ৰদক্ষেপ প্ৰকাশ কৰিবলৈ আয়োজন কৰে ৰেচম কৃষি মেলা। আঞ্চলিক মুগা গৱেষণা কেন্দ্ৰ বকোৰ বিজ্ঞানী ডি এছ এ এছ ৰহমানে সম্বোধন কৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড: তপন কুমাৰ দত্ত, অৱসৰপ্ৰাপ্ত বিজ্ঞানী ডি ব্ৰজেন্দ্ৰ চৌধুৰী, অসম গৌৰৱ বঁটা প্ৰাপক তথা এৰি মুগা গৱেষক ড: যোগেশ দেউৰীকে ধৰি বহু কেইজন বিশিষ্ট অতিথি। দিনৰ ভাগত অনুষ্ঠিত কৰা সভা খনৰ সঞ্চালনা কৰে চি এম ই আৰ তথা আই টি ৰ সঞ্চালক ড; কে এম বিজয়া কুমাৰীয়ে। অনুস্থানত পি এম চিৰ ভাৰপ্ৰাপ্ত বিষয়া বিজ্ঞানী ডি বি এন চৌধুৰী, মুগা গৱেষণা কেন্দ্ৰৰ সঞ্চালক জীৱন কুমাৰ ডেকাই এৰি মুগা পালক সকলোক উন্নত প্ৰযুক্তিবিদ্যা আৰু সু সংহত পদ্ধতিৰে অধিক ফচল উৎপাদন কৰিব পৰা কৌশলৰ উদ্গনিমুলক পৰামৰ্শ দিয়ে। এছ এ এছ ৰহমান আৰু বি বি সিংহাৰ তত্বাৱধানত আয়োজন কৰা অনুস্থানৰ ব্যৱস্থাপনাত সহযোগ কৰে পৰেশ তালুকদাৰে।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like