নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথ মেৰামতিত অনিয়ম : চৰাইদেউত ৰাজহুৱা স্বাৰ্থক বিসৰ্জন দি অএনজিচিৰ খনন-উৎপাদন

বিশেষ বাৰ্তা, ৫ ফ্ৰেব্ৰুৱাৰীঃ চৰাইদেউ জিলাৰ চফ্ৰাইত অ এন জি চিয়ে ৰাজহুৱা স্বাৰ্থক সম্পূৰ্ণ ৰূপে বিসৰ্জন দি কেৱল নিজা লাভালাভৰ বাবে তৈল খাদৰ খনন আৰু উৎপাদনতে অধিক গুৰুত্ব দিয়াৰ অভিযোগ আহিছে।প্ৰাপ্ত অভিযোগ অনুসৰি চফ্ৰাই বৰপথাৰ গাৱঁত ২০১৭ বৰ্ষতে স্থাপন হোৱা তৈল খাদটোৰ দাতিকাষৰীয়া অঞ্চল সমূহৰ উন্নয়ন তথা বাট পথকে ধৰি অন্যান্য উন্নয়ন মূলক কাম কাজ কৰাৰ প্ৰতিশ্ৰুতি দিছিল অ এন জি চিৰ কতৃপক্ষই।এই ক্ষেত্ৰত অঞ্চলটোৰ অগ্ৰণী যুৱ অনুষ্ঠান নাফুক সন্মিলিত যুৱ মঞ্চয়ো সমগ্ৰ অঞ্চলটোৰ উন্নয়নমূলক কাম কাজ আগুৱাই নিবৰ বাবে অ এন জি চিৰ কৰ্তৃপক্ষৰ লগত কেইবাৰো আলোচনাত মিলিত হৈছিল।কিন্তু আজি পৰ্যন্ত অএন জি চিয়ে স্থানীয় ৰাইজক আভূৱা ভাৰি অহাৰ অভিযোগ আহিছে। অভিযোগ অনুসৰি  প্ৰায়ে উক্ত তৈল খাদটোলৈ নাফুক আদৰ্শ গাৱঁৰ প্ৰায় চাৰি কিলোমিটাৰ পথৰে তেল টেংকাৰকে ধৰি অন্যান্য গাড়ী সমূহ অহা যোৱ কৰি থাকে।যাৰ বাবে নৱনিৰ্মিত পথটি অৱস্থা শোচনীয় হোৱাৰ লগতে পথটি ঠেক হোৱাৰ বাবে অন্যান্য গাড়ী সমূহ পাৰ হওঁতে সমস্যাৰ সৃষ্টি হয়।ইয়াৰ বাবে পথটিৰ মেৰামতি আৰু কৰ্চিং পইণ্ট বনাবৰ বাবে দাবী জনাইছিল।ৰাইজৰ দাবীত পথটিৰ মেৰামতিৰ বাবে এটা বছৰৰ পূৰ্বে কাম আগবঢ়াইছিল যদিও কাম সমূহ অতি নিম্ন মানদণ্ডৰে কৰাত ৬ মাহ নহওঁতেই বাট পথ সমূহ ভাঙি চুৰ্ণ হৈ পৰে।আনহাতে সমগ্ৰ পথটিৰ দুটা স্থানত যি দুটা কচিং পইণ্ট নিৰ্মাণ কৰিলে সেয়া কেৱল নামতহে হল।ইফালে অঞ্চলটোত ষ্ট্ৰিট লাইটকে ধৰি ব্যামাগাৰ স্থাপনৰ বাবে দাবী জনাইছিল।কিন্তু প্ৰতিষ্ঠানটোৱে আজিলৈকে অঞ্চলটোৰ ৰাইজৰ উন্নয়নৰ দিশটোলৈ পিঠি দি কেৱল তেল উৎপাদনতহে গুৰত্ব দিয়াৰ অভিযোগ আহিছে।ইফালে অঞ্চলটোৰ যুৱ সামাজিক অনুষ্ঠান নাফুক সন্মিলিত যুৱ মঞ্চই অ এন জি চিয়ে অনতিপলমে ৰাইজৰ দাবী সমূহ পূৰ নকৰিলে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গণতান্ত্রিক কার্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।
প্ৰেৰক দীপাংকৰ পাল
You might also like