ই–টিকেটিঙৰ প্রহসন : চিটীবাছত টিকট নল’লে ১০ টকাপৰ্যন্ত ৰেহাই
বিশেষ বার্তা, ৮ ফেব্রুৱাৰীঃ মহানগৰ জিলা আঞ্চলিক পৰিবহণ প্রাধিকৰণৰ নির্দেশ অনুসৰি বিগত বর্ষৰ পহিলা নৱেম্বৰৰ পৰা চিটীবাছত ই–টিকেটিঙৰ ব্যৱস্থা বাধ্যতামূলক কৰা হৈছিল৷ কিন্তু মহানগৰ জিলা পৰিবহণ বিভাগৰ নির্বিকাৰ ভূমিকাৰ সুযোগ লৈ সম্প্রতি ই–টিকেটিং ব্যৱস্থাক প্রহসনত পৰিণত কৰিছে চিটীবাছৰ পৰিচালকে৷ ই–টিকেটিঙৰ ব্যৱস্থা নথকা চিটীবাছৰ চলাচল মহানগৰীৰ ৰাজপথত সম্পূর্ণৰূপে বন্ধ কৰা হৈছে৷ কিন্তু একাংশ চিটীবাছৰ পৰিচালকে যাত্রীক ই–টিকট প্রদানৰ পৰিৱর্তে টিকট নল’লে যাত্রীক ১০ টকাপর্যন্ত ৰেহাই দিয়ে৷ শেহতীয়াকৈ চিটীবাছ পৰিচালকে চানমাৰিৰ পৰা ভৰলুমুখলৈ যাত্রা কৰা এগৰাকী যাত্রীক টিকট নল’লে ১০ টকা ৰেহাই দিয়াৰ প্রস্তাৱ দিয়া সন্দর্ভত ভুক্তভোগী যাত্রীগৰাকীয়ে সমগ্র ঘটনাৰ বিষয়ে টুইট কৰিছে৷ ভুক্তভোগী যাত্রীগৰাকীৰ এই টুইটে উদঙাই দিছে গুৱাহাটী মহানগৰীৰ চিটীবাছত বাধ্যতামূলক কৰা ই–টিকেটিং ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ৷ মহানগৰ জিলা পৰিবহণ বিভাগে ‘অপাৰেচন কুৰুক্ষেত্র’ আৰম্ভ কৰি যান–বাহন আইন উলংঘা কৰা, কৰ পৰিশোধ নকৰা ২২খনকৈ বাহন জব্দ কৰিছে৷ ঢাক–ঢোল বজাই চমক সৃষ্টিৰে কৰ সংগ্রহ কৰা মহানগৰ জিলা পৰিবহণ বিভাগৰ বিষয়া–কর্মচাৰীৰ দুর্বলতা আৰু নির্লিপ্ততাৰ বাবে চিটীবাছত ই–টিকেটিং ব্যৱস্থা এতিয়া প্রহসন হোৱা বুলি সর্বত্র চর্চা চলিছে৷