ৰোহিতৰ নেতৃত্বত ইতিহাস : ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত কিং টীম ইণ্ডিয়া
বিশেষ বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ অধিনায়ক ৰোহিত শর্মাৰ নেতৃত্বত ভাৰতীয় দলে ক্রিকেটৰ আটাইকেইটা ফর্মেটতে বিশ্ব ৰেংকিঙৰ শীর্ষস্থান অর্জনেৰে ইতিহাস সৃষ্টি কৰিছে৷ প্রথমবাৰৰ বাবে ভাৰতে একে সময়তে টি–২০, এদিনীয়া আৰু টেষ্টত বিশ্বৰ শীর্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ দিল্লীত অষ্ট্রেলিয়াৰ বিপক্ষে শৃংখলাৰ দ্বিতীয়খন টেষ্টত নমাৰ পূর্বে টীম ইণ্ডিয়ালৈ এই সুখবৰ আনিলে আজি প্রকাশ পোৱা আই চি চিৰ বিশ্ব ৰেংকিং তালিকাই৷ এদিনীয়া ক্রিকেট আৰু টি–২০ত পূর্বেই ১ নম্বৰত আছিল ভাৰত৷ আজি টেষ্টতো শীর্ষস্থান দখল কৰিলে ৰোহিত বাহিনীয়ে৷ অষ্ট্রেলিয়াক অতিক্রম কৰি ১ নম্বৰত উপনীত হয় ভাৰত৷ নাগপুৰত অষ্ট্রেলিয়াক ১ ইনিংছ আৰু ১৩২ ৰানত পৰাজিত কৰাৰ সুবাদতে ভাৰতে ৰেংকিঙত উন্নতি ঘটাবলৈ সক্ষম হয়৷ আজি প্রকাশিত ক্রম তালিকাত ভাৰতৰ ৰেটিং পইণ্ট ১১৫ হোৱাৰ বিপৰীতে অষ্ট্রেলিয়াৰ ৰেটিং ১১১৷ আনহাতে, ভাৰতৰ পইণ্ট ৩৬৯০ আৰু দ্বিতীয় স্থানত থকা অষ্ট্রেলিয়া দলৰ পইণ্টৰ সংখ্যা ৩২৩১৷ এই তালিকাৰ তৃতীয় স্থানত আছে ইংলেণ্ড (৪৯৭৩)৷ চাৰি নম্বৰত আছে নিউজিলেণ্ড (২৭০৪) আৰু পাঁচ নম্বৰত আছে দক্ষিণ আফ্রিকা (২৪৫৬)৷ অৱশ্যে টেষ্ট ৰেংকিঙৰ শীর্ষত থাকিলেও বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত দ্বিতীয় স্থানত আছে ভাৰত৷ এই তালিকাত শীর্ষস্থানত থকা অষ্ট্রেলিয়াৰ পইণ্টৰ শতাংশ ৭০.৮৩ হোৱাৰ বিপৰীতে ভাৰতৰ পইণ্টৰ শতাংশ ৬১.৬৭৷ চলিত ভাৰত আৰু অষ্ট্রেলিয়াৰ টেষ্ট শৃংখলাৰ ওপৰতে নির্ভৰ কৰিব কোন দুটা দলে ফাইনেল খেলিব৷ ইয়াৰ বাবে অষ্ট্রেলিয়াক কমেও ২–০ অথবা ৩–১ ব্যৱধানত পৰাজিত কৰিব লাগিব ভাৰতে৷ ইপিনে, এদিনীয়াৰ ক্রম তালিকাতো শীর্ষস্থানত আছে ভাৰত৷ তেওঁলোকৰ পইণ্টৰ সংখ্যা ৫০১০৷ এই ফর্মেটতো দ্বিতীয় স্থানত আছে অষ্ট্রেলিয়া (৩৫৭২)৷ তিনি নম্বৰত নিউজিলেণ্ড, চাৰি নম্বৰত ইংলেণ্ড আৰু পাঁচ নম্বৰত আছে পাকিস্তান৷ ক্রিকেটৰ ক্ষুদ্র সংস্কৰণ টি–২০ ফর্মেটতো শীর্ষত আছে ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটো৷ টি–২০ৰ ক্রম তালিকাৰ দ্বিতীয় স্থানত আছে ইংলেণ্ড৷ আনহাতে, এই তালিকাৰ তৃতীয় স্থানত আছে বাবৰ আজমৰ পাকিস্তান৷