নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰীক্ষাৰ মার্কশ্বীট প্রদানত বিলম্বঃ কলেজৰ অধ্যক্ষাক জীৱন্তে জ্বলোৱাৰ চেষ্টা

নিয়মীয়া বাৰ্তা, ২২ফেব্ৰুৱাৰী: পৰীক্ষাৰ মার্কশ্বীট প্রদানত বিলম্ব হোৱা বাবেই মহাবিদ্যালয়ৰ অধ্যক্ষাৰ গাত পেট্র’ল ঢ়ালি জ্বলাই মৰাৰ অভিযোগ উঠিছে এজন প্রাক্তন ছাত্রৰ বিৰুদ্ধে৷ এই ঘটনাটো সংঘটিত হৈছে মধ্যপ্রদেশত৷ সংকটজনক অৱস্থাত অধ্যক্ষাগৰাকীক হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ ইফালে, অভিযুক্তক গ্রেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি অভিযুক্তৰ নাম আশুতোষ শ্রীবাস্তৱ৷ উজ্জয়িনীৰ বাসিন্দা আশুতোষ ইন্দোৰৰ বি এম ফার্মাচী কলেজৰ প্রাক্তন ছাত্র৷ কালি এই মহাবিদ্যালয়খনৰ অধ্যক্ষা বিমুক্তা শর্মাৰ ওপৰত আক্রমণ চলায় আশুতোষে৷ আশুতোষে হঠাতে অধ্যক্ষাগৰাকীৰ শৰীৰত পেট্র’ল ঢ়ালি অগ্ণিসংযোগ কৰাৰ লগে লগে মহাবিদ্যালয়খনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷

You might also like