পর্যাপ্ত শিক্ষক অবিহনেই চলিছে পশ্চিম বৰাগাঁও প্রাথমিক বিদ্যালয়
শীঘ্রেই বিহিত ব্যৱস্থা গ্রহণৰ দাবী ৰাইজৰ
নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ মহানগৰীৰ এখন শতিকাপুৰণি চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থা৷ আন্তঃগাঁথনিৰ অভাৱ আৰু শিক্ষকৰ অনুপস্থিতিৰ বাবে ক্রমাৎ অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে বিদ্যালয়খনে৷ মহানগৰীৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ গাতে লাগি থকা পশ্চিম বড়াগাঁও প্রাথমিক বিদ্যালয় ১৯১৬ চনতে স্থাপন হৈছিল যদিও ক্রমাৎ ধ্বংসৰ দিশে গতি কৰিছে৷ বিদ্যালয়খনত আছে ২৬০তকৈ অধিক ছাত্র–ছাত্রী৷ ছাত্র–ছাত্রী অনুপাতে শিক্ষক আছে মাত্র ৫জন৷ দুজন শিক্ষক বিগত দুইবছৰ ধৰি অনুপস্থিত হয় আছে বিদ্যালয়খনত৷ যাৰ বাবে ক্ষুব্ধ হৈ পৰিছে ছাত্র–ছাত্রী, অভিভাৱকৰ লগতে স্থানীয় ৰাইজ৷ ১০৪ বছৰ পুৰণি বিদ্যালয়খনত ছাত্র–ছাত্রীৰ বাবে খাবলৈ নাই পর্যাপ্ত পানী, নাই উন্নত শৌচালয় কিম্বা স্নানাগাৰ৷ আন্তঃগাঁথনি বুলিবলৈও নাই দেৱাল৷ চৌহদ ভৰি পৰিছে জংঘলেৰে৷ যাৰ বাবে শিক্ষার্থীয়ে মধ্যাহ্ণ ভোজন গ্রহণ কৰিবলগীয়া হৈছে বাহিৰতে ধূলিৰ মাজত৷ বিদ্যালয়ৰ সন্মুখৰ ৰাজপথেৰে প্রত্যেক দিনে পাৰ হয় মন্ত্রী–বিধায়কৰ বাহন৷ কিন্তু কাৰোৰে নাই ভ্রূক্ষেপ৷ আজি ছাত্র–ছাত্রীসকলপুৱ্ ৯ বজাত উপস্থিত হয় যদিও শিক্ষক–শিক্ষয়িত্রীস উপস্থিত নোহোৱাত ক্ষুব্ধ হৈ পৰে৷ বিদ্যালয়খনৰ প্রধান শিক্ষক তপন কুমাৰ দাস আৰু স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাক ৰাইজে বিষয়টো অৱগত কৰে যদিও কাণসাৰ নিদিয়াৰ অভিযোগ কৰে৷ এইক্ষেত্রত শিক্ষার্থীৰ ভৱিষ্যতৰ খাতিৰত শিক্ষামন্ত্রীক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে৷