নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুস্বাদু ব্যঞ্জনঃ জিকা আৰু হাঁহৰ কণীৰ আঞ্জা

প্রণালীঃ হাঁহৰ কণীকেইটা সিজাই বাকলি গুচাই দুফাল কৰি কণীকেইটাত নিমখ আৰু হালধি ছটিয়াই ল’ব৷ জিকাৰ বাকলি গুচাই ধুই ৰুকি ল’ব৷ পিঁয়াজ আৰু বিলাহী বেলেগে বেলেগে সৰু সৰুকে কুটি ল’ব৷ কাজু আৰু আফুগুটিখিনি অলপ সময় পানীত তিয়াই কোমল কৰি ধুই লৈ তাতে কেঁচা জলকীয়া আৰু সামান্য পানী মিহলাই শিল পটাত পিচি ল’ব৷

এতিয়া কেৰাহীত মিঠাতেল গৰম কৰি তাতে দুফাল কৰি লোৱা কণীখিনি দি দুয়োফালে ৰঙচুৱা হোৱাকে ভাজি নমাই থ’ব৷ কণী ভাজি ৰৈ যোৱা তেলখিনিৰ ওপৰত পিঁয়াজ আৰু আদা–নহৰুৰ পেষ্ট দি ভাজিব৷ পিঁয়াজখিনি ৰঙচুৱা হ’বলৈ ধৰিলে তাতে কাশ্মীৰী জলকীয়া গুড়ি দি ভালদৰে লৰাই দিব৷ তাৰ পিছত কুটি লোৱা বিলাহীখিনি দি নিমখ, হালধি, জিৰাগুড়ি আৰু ধনিয়াগুড়ি দি লৰাই দিব৷ তাৰ পিছত আধা কাপ পানী যোগ কৰি পানীখিনি শুকাই যোৱালৈকে বিলাহীখিনি ভাজিব৷ তাৰ পিছত ৰুকি লোৱা জিকাখিনি দি লৰাই ঢাকি দিব৷ প্রায় দহ মিনিটমান সময় জিকাখিনি ভজাৰ পিছত কাজু আৰু আফুগুটিৰ পেষ্টখিনি দি লৰাই ঢাকি দিব৷ প্রায় পাঁচ মিনিটমান সময়ৰ পিছত জোখমতে গৰম পানী দি আঞ্জাখন ভালদৰে উতলিবলৈ দিব৷ তাৰ পিছত ভাজি থোৱা হাঁহৰ কণীখিনি দি ঢ়াকি উতলিবলৈ দিব৷ আঞ্জাখন প্রায় পাঁচ মিনিটমান সময় উতলিবলৈ দিয়াৰ পিছত তাতে কুটি লোৱা ধনিয়া পাতখিনি দি আকৌ প্রায় দুই মিনিটমান সময় উতলাই নমাই থ’ব৷ গৰমে গৰমে ভাত, ৰুটী, পোলাও আদিৰ লগত জিকাৰ লগত ৰন্ধা হাঁহৰ কণীৰ আঞ্জা পৰিৱেশন কৰিব৷ খাবলৈ বৰ সোৱাদ হয়৷

You might also like