নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ আমেৰিকাত মহাভিযোগৰ পৰা মুক্ত হৈছে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷ দেশখনৰ ইতিহাসত তৃতীয়গৰাকী ৰাষ্ট্রপতি হিচাপে মহাভিযোগৰ সন্মুখীন হৈছিল ট্রাম্প৷ কিন্তু পূর্বৰ দুগৰাকী ৰাষ্ট্রপতিৰ দৰে ট্রাম্প ছিনেটৰ বিচাৰ প্রক্রিয়াত দোষী সাব্যস্ত নহ’ল৷ গতিকে ৰিপাব্লিকান নিয়ন্ত্রণাধীন ছিনেটৰ বিচাৰ প্রক্রিয়াৰ পৰা ট্রাম্প মুক্ত হোৱাৰ লগে লগে দেশখনৰ ৰাজনীতিত সৃষ্টি হৈছে মিশ্রিত প্রতিক্রিয়া৷ ৰিপাব্লিকান দলে ছিনেটৰ বিচাৰ প্রক্রিয়াত ট্রাম্প অভিযোগমুক্ত হোৱাৰ লগে লগে হোৱাইট হাউছ তথা ৱাশ্বিংটন ডিচিৰ বিভিন্ন স্থানত আনন্দ–উল্লাস প্রদর্শন কৰাৰ বিপৰীতে ডেমক্রেটিক দলে ক্ষোভ উজাৰিছে৷ স্মর্তব্য যে কংগ্রেছত ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগ প্রক্রিয়া সফল হৈছিল যদিও উচ্চ সদনত ৰিপাব্লিকান প্রতিনিধিসকলে ডেমক্রেটিক দলক এইক্ষেত্রত কোনোধৰণৰ সঁহাৰি নিদিলে৷ ৰিপাব্লিকান নিয়ন্ত্রণাধীন ছিনেটত ট্রাম্পক মহাভিযোগৰ জৰিয়তে ক্ষমতাচ্যুত কৰিবলৈ প্রয়োজন হৈছিল দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ৷ কিন্তু ৰিপাব্লিকান দলে ইয়াক বিৰোধ কৰাৰ লগে লগে অভিযোগমুক্ত হৈ পৰে নেতাগৰাকী৷