নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত ক্ষতি হ’ব ভাৰতৰ হীৰা ব্যৱসায়ৰ ১০ হাজাৰ কোটি

নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ ফলত অকল চীনৰ অর্থনীতিতেই বিৰূপ প্রভাৱ পৰা নাই৷ ক’ৰোনাৰ মাৰাত্মক প্রভাৱে ভাবুকি কঢ়িয়াই আনিছে ভাৰতৰ অর্থনীতিলৈ৷ শেহতীয়াকৈ ভাৰতৰ ছুৰাটত থকা হীৰাৰ ব্যৱসায়লৈ নামি আহিছে সংকট৷ স্মর্তব্য যে চীন শাসিত হংকং হৈছে হীৰাৰ অলংকাৰ আমদানিৰ অন্যতম ক্ষেত্র৷ হংকঙৰ জৰিয়তে বিভিন্ন স্থানলৈ ছুৰাটৰ ব্যৱসায়ীসকলে হীৰা ৰপ্তানি কৰি আহিছে৷ কিন্তু ক’ৰোনাৰ আতংকৰ বাবেই হংকঙত বন্ধ কৰা হৈছে বহু বজাৰ৷ ইয়াৰ উপৰি ভাৰতৰ পৰা হংকঙলৈ বিমান সেৱাত আহি পৰিছে বাধা৷ ফলত ফেব্রুৱাৰী–মার্চ মাহত ভাৰতীয় হীৰা ব্যৱসায়ীসকলে ৮ হাজাৰ কোটিৰ পৰা ১০ হাজাৰ কোটি টকালৈ ক্ষতিৰ সন্মুখীন হ’ব লাগিব বুলি জেম্ছ এণ্ড জুৱেলাৰী এক্সপ’ট প্রমোচন কাউন্সিল (জিজেইপিচি)ৰ আঞ্চলিক অধ্যক্ষ দীনেশ নাবাডিয়াই সতর্কবাণী কৰিছে।

You might also like