নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্য–দক্ষিণ এছিয়াৰ ভিতৰত আটাইতকৈ কম প্রদূষিত নগৰৰ তালিকাত দ্বিতীয় স্থানত অসমৰ ডিগবৈ

  • ছুইছ বায়ু মানক প্রযুক্তি সংস্থা ‘আইকিউএয়াৰ’ৰ প্রতিবেদন
  • মধ্য–দক্ষিণ এছিয়াৰ ভিতৰত আটাইতকৈ কম প্রদূষিত নগৰৰ তালিকাত দ্বিতীয় স্থানত অসমৰ ডিগবৈ
  • বিশ্বৰ ১৩১খন দেশৰ ৭,৩২৩ চহৰ–নগৰৰ ৩০ হাজাৰতকৈও অধিক বায়ু প্রদূষণ নিৰীক্ষণ কেন্দ্রৰ পৰা সংগ্রহ তথ্য
  • মঙলবাৰে প্রকাশ পাইছে ‘ফিফ্থ এনুৱেল ৱর্ল্ড এয়াৰ কোৱালিটী ৰিপ’ট–২০২২’
  • বায়ুমণ্ডলত সর্বাধিক বিহ থকা বিশ্বৰ ৫০ মহানগৰৰ ৩৯খনেই ভাৰতৰ

নিয়মীয়া বাৰ্তা, ২১মাৰ্চ: জনস্বাস্থ্যলৈ তীব্র ভাবুকি কঢ়িয়াই সমগ্র বিশ্বতে অতি ভয়াৱহ হাৰত প্রদূষিত হৈছে বায়ুমণ্ডল৷ এককথাত ক’বলৈ গ’লে বতাহত মিহলি হোৱা বিহৰ মাত্রা দিনক দিনে বৃদ্ধি পাইছে৷ উশাহ ল’লেই যেন এতিয়া বিপদ দেশৰ ৰাজধানী দিল্লীকে ধৰি অন্যান্য প্রান্তৰ লগতে অসমতো বায়ু প্রদূষণে কি ৰূপ লৈছে, সেয়া শেহতীয়াকৈ ৰাজ্যবাসীয়ে প্রত্যক্ষ কৰিছিল৷ বায়ু মান সূচাংক (একিউআই) উদ্বেগজনকভাৱে বৃদ্ধিৰ ফলত ধূলিময় হৈ পৰিছিল গুৱাহাটীসহ বিভিন্ন স্থানৰ আকাশ৷ ইয়াৰ মাজতে এটা স্বস্তিৰ খবৰ৷ মধ্য–দক্ষিণ এছিয়াৰ ভিতৰত আটাইতকৈ কম প্রদূষিত ১৫খন নগৰৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছে অসমৰ ডিগবৈয়ে৷ ছুইছ বায়ু মানক প্রযুক্তি প্রতিষ্ঠান ‘আইকিউএয়াৰ’ IQAir)ৰ শেহতীয়া প্রতিবেদনে ডিগবৈক এই স্বীকৃতি দিছে৷ বিশ্বৰ ১৩১খন দেশৰ ৭,৩২৩ চহৰ–মহানগৰৰ ৩০ হাজাৰতকৈও অধিক বায়ু প্রদূষণ নিৰীক্ষণ কেন্দ্রৰ পৰা সংগ্রহ কৰা তথ্যৰ ভিত্তিত প্রতিষ্ঠানটোৱে বিগত বর্ষৰ বাবে প্রস্তুত কৰিছে ‘ফিফ্থ এনুৱেল ৱর্ল্ড এয়াৰ কোৱালিটী ৰিপ’ট–২০২২’ শীর্ষক প্রতিবেদনখন৷

যোৱা মঙলবাৰে এই প্রতিবেদনখন প্রকাশ পাইছে৷ সমগ্র বিশ্বতে বায়ু প্রদূষণ সম্পর্কীয় বিভিন্ন উদ্বেগজনক তথ্যৰ মাজতে আশাব্যঞ্জকভাৱে সন্নিৱিষ্ট হৈছে আটাইতকৈ কম প্রদূষিত নগৰসমূহৰ তালিকাও৷ মধ্য–দক্ষিণ এছিয়াৰ ১২খন ৰাষ্ট্র ক্রমে বাংলাদেশ, ভাৰত, ইৰান, কাজাখস্তান, কির্গিস্তান, মালদ্বীপ, নেপাল, পাকিস্তান, শ্রীলংকা, তাজিকিস্তান, তুর্কমেনিস্তান আৰু উজবেকিস্তানৰ ভিতৰত ১৫ নগৰক আটাইতকৈ কম প্রদূষিত ৰূপে চিনাক্ত কৰা হৈছে৷ অৱশ্যে এই তালিকাখনত আটাইকেইখন ৰাষ্ট্রৰ নগৰ অন্তর্ভুক্ত হোৱা নাই৷ কমকৈ প্রদূষিত নগৰসমূহৰ তালিকাখন এনেধৰণৰ– তাৰকেশ্বৰ, ডিগবৈ (ভাৰত), চু, পেট্র’পাৱি, শ্বচুচিনস্ক (কাজাখস্তান), আলাড়ু, কাট্টুপল্লি (ভাৰত), জেজকাজঘান, একট’বে, বেইনিউ, কাইজাল ওৰা (কাজাখস্তান), পোলামপাল্লে (ভাৰত), আকতাও (কাজাখস্তান), খাৰছ’ৱান আৰু মুট্টায়াপুৰুম (ভাৰত)৷

উল্লেখ্য যে ২০২২ বর্ষটোত বায়ুমণ্ডলত মানৱ সৃষ্ট কার্যকলাপৰ ফলত উদ্ভৱ হোৱা ক্ষুদ্রাকৃতিৰ কণিকা পিএম ২.৫ৰ গড় অৱস্থিতিৰ তথ্য–পাতি গৱেষকৰ দল আৰু চৰকাৰী সংস্থাৰ প্রতিনিধিয়ে পর্যালোচনা কৰি উক্ত প্রতিবেদনখন প্রস্তুত কৰিছে৷ ২০২১ চনত বিশ্বৰ আটাইতকৈ প্রদূষিত দেশৰ তালিকাত ভাৰত পঞ্চম স্থানত আছিল যদিও এইবাৰ অষ্টম স্থান লাভ কৰিছে৷ এই দিশৰ পৰা ভাৰতত প্রদূষণ হ্রাস পোৱা বুলি ধৰিলেও কিন্তু প্রতিবেদনখনে প্রদান কৰিছে আন এক ভয়াৱহ ইংগিত৷ বিশ্বৰ আটাইতকৈ প্রদূষিত ৫০খন মহানগৰৰ ১৯খনেই হৈছে ভাৰতৰ৷ সেইদৰে মধ্য–দক্ষিণ এছিয়াৰ ১৫খন আটাইতকৈ বেছি প্রদূষিত মহানগৰৰ ভিতৰত ভাৰতৰ ১২খন আছে৷

ভাৰতৰ প্রদূষিত এই ১২খন মহানগৰ হ’ল– ভিৱাড়ি, দিল্লী, দ্বাৰভাংগা, আছ’পুৰ, পাটনা, গাজিয়াবাদ, ধাৰুহেৰা, চাপৰা, মোজাফফৰ নগৰ, গ্রেটাৰ নয়দা, বাহাদুৰগড় আৰু ফৰিদাবাদ৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে মানৱ সৃষ্ট কার্যকলাপৰ ফলত বায়ুমণ্ডলত আৱির্ভাৱ ঘটা ক্ষুদ্রাকৃতিৰ কণিকা পিএম ২.৫ৰ মাত্রা বৃদ্ধি পোৱাটো প্রধানতঃ হাঁওফাঁওৰ কাৰণে অত্যন্ত ক্ষতিকাৰক৷ এই বায়ুমণ্ডলীয় ক্ষুদ্রাকৃতিৰ কণিকা ভাৰতৰ বায়ুমণ্ডলত সাধাৰণতে বিশ্ব স্বাস্থ্য সংস্থাই নির্ধাৰণ কৰি দিয়া নিৰিখতকৈ যথেষ্ট বেছি থাকে৷ বিশেষকৈ বিশ্ব স্বাস্থ্য সংস্থাৰ নির্ধাৰিত নিৰিখতকৈ বায়ুমণ্ডলীয় ক্ষুদ্রাকৃতিৰ কণিকা পাঁচ গুণ অধিক হ’লে ই শ্বাস–প্রশ্বাসজনিত সমস্যাৰ সৃষ্টি কৰে৷ ভাৰতত ৫০ শতাংশ বায়ু প্রদূষণ ঘটে ঔদ্যোগিক কার্যকলাপৰ বাবে৷ ২৭ শতাংশ যান–বাহনৰ চলাচল, ১৭ শতাংশ শস্যভূমিত জুই জ্বলোৱা আৰু ৭ শতাংশ খৰিৰ ব্যৱহাৰেৰে ৰন্ধন কার্য কৰাৰ পৰিণতিত বায়ু প্রদূষণ হয়৷ একমাত্র বায়ু প্রদূষণৰ পৰিণতিতে প্রতি বছৰে ভাৰতত মৃত্যু হয় দুই মিলিয়ন লোকৰ৷

তথ্য অনুসৰি, ২০১৯ চনত হূদৰোগ, মধুমেহ, হাঁওফাঁওৰ কর্কট আৰু মায়’কার্ডিয়েল ইনফেকচনত দেশৰ ১.৯ মিলিয়ন লোকৰ মৃত্যু হৈছে৷ এই ৰোগসমূহৰ লগত প্রত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আছে বায়ু প্রদূষণ৷ এনে অৱস্থাত অসমৰ ডিগবৈ মধ্য–দক্ষিণ এছিয়াৰ ভিতৰতে কম প্রদূষিত নগৰৰ দ্বিতীয় স্থানত থকাটো যথেষ্ট ইতিবাচক ৰূপে বিবেচিত হৈছে৷ কিন্তু ডিগবৈৰ এই সফলতা কিমানদিনলৈ বর্তি থাকে, সেয়া কার্যতঃ নির্ভৰ কৰিব মানৱ সৃষ্ট কার্যকলাপৰ ওপৰত৷

You might also like