নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী ষ্টেচনত অচিনাক্ত মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ গুৱাহাটী ষ্টেচনৰ ৰে’লৱে পার্কিঙত এজন লোকৰ মৃতদেহ উদ্ধাৰ ৷ ৰে’লৱে পার্কিঙত কম্বল লৈ শুই থকা লোকজনক পার্কিঙৰ কর্মচাৰীয়ে কেইবাবাৰো মাত দি সঁহাৰি নোপোৱাত আৰক্ষীক খবৰ দিয়ে৷ ঘটনাস্থলীত পানবজাৰ আৰক্ষী উপস্থিত হৈ মৃত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্রেৰণ কৰে৷ প্রায় ৫৮ বছৰীয়া লোকজনৰ পৰিচয় এতিয়াও আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই ৷মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো ৭২ ঘণ্টাৰ বাবে জিএমচিএইছৰ মর্গত ৰখা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

You might also like