নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাগাঁও–গোটানগৰত অনুমতি অবিহনে অট্টালিকা নির্মাণ

প্রশাসন–বন বিভাগৰ বিষয়াৰে বুজাবুজিৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ মহানগৰ জিলা প্রশাসন আৰু বন বিভাগৰ বিষয়াৰে গোপন বুজাবুজি কৰি ভূ–মাফিয়াই মহানগৰীৰ বিভিন্ন স্থানত চৰকাৰী ভূমি দখল কৰি আহিছে৷ ভূ–মাফিয়াই দখল কৰা ভূমি লাখ লাখ টকাত ক্রয় কৰি একাংশ লোকে অবৈধভাৱে নির্মাণ কৰিছে বৃহৎ বৃহৎ অট্টালিকা৷ শেহতীয়াকৈ মহানগৰীৰ গড়চুক, গোটানগৰ আদি অঞ্চলত চৰকাৰী ভূমিত জি এম ডি এ, জি এম চিৰ অনুমতি অবিহনে বিপদসংকুলভাৱে বহু অট্টালিকা নির্মাণ কৰি থকা পৰিলক্ষিত হৈছে৷ পাহাৰৰ এঢ়লীয়া মাটিত নীতি–নিয়ম উলংঘাৰে নির্মাণ কৰা অট্টালিকাই ভয়াৱহ বিপদ কঢ়িয়াই অনাৰ সম্ভাৱনা দেখা দিছে৷ বন বিভাগ আৰু প্রশাসনৰ একাংশ অসাধু বিষয়াৰে বুজাবুজি কৰি চৰকাৰী ভূমি বিক্রী কৰা ভূ–মাফিয়াই কেনেদৰে চৰকাৰী ভূমিত অট্টালিকা নির্মাণৰ অনুমতি উলিয়ালে, সেয়া তদন্ত কৰিলে পোহৰলৈ আহিব৷ গড়চুক, গোটানগৰ আদি অঞ্চলৰ চৰকাৰী ভূমিত নির্মীয়মাণ অট্টালিকাৰ বিৰুদ্ধে প্রশাসনে চৰজমিন তদন্ত চলালে ভূ–মাফিয়া চক্রটোৰ লগত কোন কোন চৰকাৰী বিষয়া–কর্মচাৰী জড়িত, সেই তথ্য পোহৰলৈ আহিব৷

You might also like